অসমৰ সোণালী সুতাক বিশ্ব দৰবাৰলৈ নিয়াৰ সপোন

0 312

নিজেই ভালপোৱা কামবোৰ কৰি গ’লে জীৱনৰ ৰং উপভোগ কৰিও আমোদ লাগে। উদ্যম, হেপাহ, একাগ্ৰতা নাথাকিলে কোনো কামতে সফলতাৰ মুখ দেখা সম্ভৱপৰ নহয়। কথাষাৰ কিন্তু একেবাৰে মিছা নহয়। ইয়াৰে এটা উদাহৰণ হিচাপে আজি আপোনালোকৰ সন্মুখলৈ এনে এগৰাকী নাৰীৰ জীৱন গাঁথা বুটলি আনিছো, যি গৰাকীয়ে নিজেই কৰি ভাল পোৱা এটা কাম এটাকে ব্যৱসায়ৰ ৰূপ দি বহু কেইগৰাকী নাৰীক কৰ্মসংস্থাপন দিছে।

IMG-20160914-WA0001

          তেওঁ হৈছে লক্ষীমপুৰৰ গোগামুখৰ ৰেলৱে কলনিৰ নিবেদিতা গগৈ। তেখেতৰ  অধীনত ২০১৪ চনৰ পৰা মুগা, পাত, এৰি, কপাহী, উল সুতাৰ কাপোৰ প্ৰস্তুত হয় লগতে অসমৰ বিভিন্ন অঞ্চল লৈ যোগান ধৰে| তেওঁৰ এই ক্ষুদ্ৰ ব্যৱসায়ৰ যোগেদি বহু লোকৰ চাহিদা পুৰণ হৈছে।

IMG-20160914-WA0002

NE Focus  ৰ ফালৰ পৰা হোৱা কথাবতৰাত নিবেদিতা গগৈয়ে এনেদৰে কয়- সৰুৰে পৰা কাপোৰ বোৱা ফুল তোলাটো মোৰ হবি আছিল। সেয়েহে নিজে নিজে বোৱা কাপোৰ পিন্ধা দেখি সকলোৱে খুৱেই প্ৰশংসা কৰিছিল আৰু এই কথায়ে কৰবাত নহয় কৰবাত আনন্দিত হৈছিলো। সেয়েহে পৰৰ্ৱত্তী সময়ত এই ব্যৱসায়ৰ লগত জড়িত হৈ পৰো। ইয়াৰ বাবে মোৰ স্বামী মহেন্দ্ৰ গগৈ যথেষ্ট সহযোগিতা আগবঢাইছিল । তেখেতে ব্যৱসায়টো কৰা আৰম্ভ কৰাৰ বাবে Handloom Textile ৰ পৰা সা-সুজঁলি যোগাৰ কৰি দিয়াৰ লগতে সকলো কামতে সহায় কৰিছিল । এই ভাষ্য নিবেদিতা গগৈৰ।

IMG-20160914-WA0003

উল্লেখযোগ্য যে অতি কম দিনৰ ভিতৰত তেখেতে ব্যৱসায়ৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰিছিল । আশা কৰিছো নিবেদিতা গগৈ আৰু আগুৱাই যাওক অসম গৌৰৱ সোণালী সুতাক বিশ্ব দৰবাৰলৈ যোৱাৰ সপোন বাস্তবায়িত হওক।    

IMG-20160914-WA0005

লেখক- দিম্পী গগৈ

Leave A Reply

Your email address will not be published.