এইচ ডি এফ চি বেংকৰ শিক্ষাৰ্থীৰ বাবে বৃত্তি ঘোষণা

0 300

ক’ভিড কালীন পৰিস্থিতি মাজতে এইচডিএফচি বেংকে শিক্ষাৰ্থী সকলৰ বাবে এক বৃত্তি মূলক আঁচনি ঘোষণা কৰিছে। সামাজিক দায়বদ্ধতাৰ আঁচনি অংশস্বৰূপে স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্লোমা পাঠ্যক্ৰম পঢ়ি থকা শিক্ষাৰ্থীসকল ১৫,০০০ টকাৰ পৰা ৭৫,০০০ টকালৈকে বিত্তীয় সাহাৰ্য্য লাভ কৰিব পাৰিব।সেই সমূহৰ ভিতৰত যিসকল শিক্ষাৰ্থীয়ে মহামাৰী সময়ত উপাৰ্জন কাৰী পৰিয়ালৰ সদস্য সকলক হেৰুৱাইছে অথবা পিতৃ মাতৃ দুয়োটাকে হেৰুৱালে তেনে শিক্ষাৰ্থী সকলে এই বৃত্তি বাবে আবেদন কৰিব পাৰিব।
যিসকল শিক্ষাৰ্থীৰ বাৰ্ষিক পাৰিবাৰিক আয় বছৰি ৬ লাখ টকাতকৈ কম আৰু তেওঁলোকে ভাৰতীয় ব’ৰ্ড আৰু বিশ্ববিদ্যালয়সমূহত অধ্যয়নৰত আছে, সেইসকলে আবেদন কৰিবলৈ যোগ্য। এই বৃত্তি কাৰ্যসূচীটো বাডি৪ষ্টাডি ইণ্ডিয়া (Buddy4Study India) ফাউণ্ডেচনৰ দ্বাৰা পৰিচালনা কৰা হ’ব, যিটোৱে ভাৰতৰ সৰ্ববৃহৎ বৃত্তি মঞ্চ এটা আয়োজন কৰে। আগ্ৰহী শিক্ষাৰ্থীসকলে এই লিংক ব্যৱহাৰ কৰি বৃত্তিৰ বাবে আবেদন কৰিব পাৰে।লিংক: https://www.buddy4study.com/page/hdfc-bank-parivartans-covid-crisis-support-scholarship-program।

Leave A Reply

Your email address will not be published.