দেৰগাঁৱৰ এজন ব্যক্তিৰ প্ৰশংসনীয় পদক্ষেপ

0 225

দেৰগাঁৱৰ ব্ৰক্ষ্মপুত্ৰ অঞ্চলৰ এজন উদীয়মান সমাজকৰ্মী । নাম চাহাবুদ্দিন আহমেদ।ব্যক্তি গৰাকী নামেই এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে জড়িত ব্যক্তিগৰাকী এগৰাকী সফল ব্যক্তি লগতে এগৰাকী আদৰ্শ খেতিয়ক হিচাপেও সমাজত স্বীকৃতি লাভ কৰিছে ।ব্যক্তিজনে নিজৰ প্ৰচেষ্টাৰে অতিমাৰী ক’ৰণা কালত বিগত বৰ্ষ প্ৰথম অৱস্থাৰে পৰা দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি এক প্ৰকাৰৰ বহু লোকৰ ত্ৰাণ কর্তা হিচাপে পৰিগণিত হৈছে।উল্লেখযোগ্য যে মঙলবাৰে ব্যক্তিজনে গ্ৰামাঞ্চলৰ বিভিন্ন গাঁৱলৈ গৈ দৰিদ্ৰ লোকৰ লগতে নগৰ অঞ্চলৰ বহু শ্ৰমিকৰ মাজত মাস্ক বিতৰণ কৰি ক’ভিড সজাগতা সৃষ্টি কৰে।ব্যক্তিগৰাকী এনে পদক্ষেপক সকলোৱে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.