হাজাৰ জনক স্বাৱলম্বী কৰি তুলিছে – নীৰা শৰ্মাই

2 347

এডাল জাতি বাঁহৰ পৰা এক লাখ টকা উপাৰ্জন কৰিব পাৰি, কথাষাৰ কিন্তু   মিছা নহয় । আপ্ত বাক্যশাৰী আখৰে আখৰে ১০০ % সচাঁ বুলি প্ৰমান কৰি দেখুৱাইছে, তেজপুৰৰ জিয়ৰী নীৰা শৰ্মাই । তেঁও কেৱল প্ৰমান কৰি দেখুৱাই নহয়, বহু বছৰ ধৰি বিভিন্ন গাঁও ভুঞই, দুৰ্গম পাহাৰে ভৈয়ামে ঘুৰি হাজাৰ দুখীয়া মানুহক দিছে জীৱন আৰু জীৱিকাৰ এক সম্বল । সৃষ্টিৰ সুবাস বিলাই দুখীয়া অনগ্ৰসৰ শ্ৰেণী লোক সকলক কৰি তুলিছে স্বাৱলম্বী।নীৰা ৩
এক টকাও মূলধন নোহোৱাকৈ কি দৰে আৰ্থিক দিশত লোক সকলক স্বাৱলম্বী কৰি তোলে, এনে কি পন্থা অবলম্বন কৰে সেই সৰ্ম্পকে জানিব বিচৰাত নীৰা শৰ্মাই NE Focus ক এনে দৰে জনায় – মই প্ৰকৃতিপ্ৰদত্ত, সহজলভ্য যিকোনো বস্তুৰে আ- অলংকাৰৰ পৰা আৰম্ভ কৰি ঘৰ সজোৱা প্ৰতিটো বস্তু লৈকে প্ৰস্তুত কৰো আৰু বেলেগকো প্ৰশিক্ষণ প্ৰদান কৰি আৰ্থিক দিশত স্বাৱলম্বী কৰি তোলো । সততে আমাৰ বাৰীত সহজতে পোৱা বস্তু যেনে তেঁতেলী টেঙাৰ গুটি, কাউৰীমণি, বাহঁ, শিমলু ফুল, বিস্কুটৰ পেকেট, ঘেহু নৰাৰ পৰা বিভিন্ন বস্তু প্ৰস্তুতৰ প্ৰশিক্ষণ দিও। উল্লেখযোগ্য যে নীৰা শৰ্মাই অসমৰ লগতে গুজৰাট, ছত্তীশগড়, মধ্য প্ৰদেশ, উত্তৰাখণ্ড, উৰিষ্যা, নাগালেণ্ড, মনিপুৰ, ত্ৰিপুৰা আদিত নিৰবে নিঃস্বাৰ্থভাবে ২০ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে।নীৰা ১
 
সৰ্বভাৰতীয় পৰ্য্যয়ত তেঁও (বেম্বো কুইন) হিচাপে সমাদৃত। এনে পেছাৰ ধাৰণা মনলৈ কিদৰে আহিল, সেই সম্পৰ্কে জানিব বিচৰাত তেঁও এনেদৰে কয়- ২০ বছৰ আগৰ কাহিনী । গৃহস্থৰ চাকৰি চাহ বাগানত আছিল। সেই সময়ত চাহ জনজাতিৰ এগৰাকী মহিলাক সহায়িকা হিচাপে ৰাখিছিলো। সেই মহিলাগৰাকীক তেঁও স্বামীয়ে নিচাজাতীয় দ্ৰব্য সেৱন কৰি যথেষ্ট অত্যাচাৰ কৰা বুলি জানিব পাৰি ব্যথিত হৈ পৰিছিলো। আৰু তেতিয়া তাই নিৰুপায় অৱস্থা দেখি চিন্তিত হৈ পৰিছিলো, ভাবিছিলো তাই যদি স্বাৱলম্বী হয় নিশ্চয়কৈ দুখৰ অন্ত পৰিব । সেই ভাবিয়ে সৰুতে দেউতাৰ পৰা শিকা বাঁহেৰে বিভিন্ন বস্তু তৈয়াৰ কৰা বিদ্যাটোকে শিকাও আৰু তাইও আগ্ৰহেৰে কম দিনতে আয়ত্ব কৰি লয় । লাহে লাহে স্বাৱলম্বী হৈ উঠে । তাই স্বাৱলম্বী হোৱাৰ ঠিক পিছতে ঘৰুৱা অশান্তিৰ লগতে সকলো দিশৰ পৰা অৱস্থা ভাল হবলৈ ধৰে । এয়াই এক প্ৰকাৰৰ মোৰ কৰ্মৰ আৰম্ভণি বুলি ক’ব পাৰি।
নীৰা ২
 
মোৰ কৰ্মই মানুহগৰাকীক আত্মসন্মানে জীয়াই থকা এক পথৰ নিৰ্দশন দেখুৱালে। সেইয়েহে মই বহুত সুখী । ইতিমধ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ লগতে দেশৰ আটাইতকৈ চহকী ব্যক্তি জনৰ পত্নী টিনা আম্বানীয়ে বেম্বো কুইনৰ পৰা সামগ্ৰী ক্ৰয় কৰিছে। তেওঁ এনে ভাল কামৰ বাবে ২০১৪ চনত National Women Excellent Award আৰু ২০১৬ চনত Excellent Award সক্ষম হৈছে। গাওঁ ভাল পোৱা প্ৰকৃতি পূজাৰী নীৰা শৰ্মাই বৰ্তমান তেজপুৰৰ স্বগৃহত প্ৰশিক্ষণ দি আছে। নীৰা শৰ্মা এনে ভাল কামে সমাজত আশাৰ ৰেঙনি কঢ়িয়াছে।

2 Comments
  1. ashimjyoti says

    Great steps,Plz.Give your consideration to Golaghat dist. too

  2. দিগন্ত বাইলুং says

    অতি সুন্দৰ,সকলোলৈকে শুভেচ্ছা থাকিল

Your email address will not be published.