অচিৰেই হাতী মানুহৰ সংঘাত ৰোধ হ’ব

0 229

IMG-20171212-WA0023

হাতী মানুহৰ সংঘাতে বাতৰিৰ শিৰোনাম দখল কৰি থকাৰ সময়তে শিৱসাগৰৰ অৰ্জুনগুৰিৰ আমিনুদ্দিন আহমেদ নামৰ এজন ব্যক্তিয়ে হাতী দেখিব পৰা এটা যন্ত্ৰ উদ্ভাৱন কৰি চৰ্চালৈ আহিছে। পেছাত মেকানিক আমিনুদ্দিনে একাগ্ৰতা আৰু পৰিশ্ৰমৰ যোগেদি ৩ মাহত হাতী খেদি পঠিওৱা যন্ত্ৰটো উদ্ভাৱন কৰে। আমিনুদ্দিনে কয় যে- ৰাষ্ট্ৰীয় উদ্ভাৱন প্ৰতিষ্ঠানৰ সহযোগত এই যন্ত্ৰটো উদ্ভাৱন কৰিবলৈ সক্ষম হ’লো। যন্ত্ৰটোৰ জৰিয়তে দূৰৰ পৰা হাতীক পোহৰ আৰু শব্দৰ জৰিয়তে খেদি পঠিয়াব পৰা যাব। পাঁচ পৰ্য্যায়ৰ হস্তী বিতাৰণ নামৰ যন্ত্ৰটোত ম’হ-মাখিৰ শব্দ, অৱলোহিত ৰশ্মি, লেজাৰ ৰশ্মি আদিবোৰ সংযোগ কৰা হৈছে। ইতিমধ্যে পৰীক্ষণ মূলক ভাৱে হাতী খেদি পঠিওৱা যন্ত্ৰটো ব্যৱহাৰ কৰা হৈছে।

IMG-20171212-WA0021

আমিনুদ্দিনৰ দাবী এই যন্ত্ৰটোৰ জৰিয়তে চোৰাংচিকাৰীৰ গতি বিধি নিৰীক্ষণ কৰিব পৰা যাব। উল্লেখ্যযোগ্য যে, ইতিপূৰ্বে আমিনুদ্দিন আহমেদে বহুকেইটা সামগ্ৰী যন্ত্ৰ উদ্ভাৱন কৰি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল।

Leave A Reply

Your email address will not be published.