আপোনাৰ স্থিতি কি -দল সংগঠন জাগিছে

0 258

আজিৰ তাৰিখত অসমত গুৰুত্বপূৰ্ণ খবৰ হিচাপে বিবেচিত হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ ।অসমৰ প্ৰেক্ষাপটত স্পষ্টভাৱে পৰিলক্ষিত হৈছে অসম আন্দোলনৰ সূত্ৰপাত হোৱাৰ দিন সমাগত ।জাতি, মাটি, দেশৰ স্বাৰ্থত সমূহ জনসাধাৰণে মাৰ বান্ধি থিয় দিছে।প্ৰিয় পাঠক, সমসাময়িক শিতানত আজি আগবঢ়োৱা হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত বিভিন্ন দল সংগঠনৰ মতামতৰ এক প্ৰতিবেদন ।জাতীয়তাবাদৰ আদৰ্শৰে প্ৰতিষ্ঠিত সংগঠন সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে এই বিধেয়কখনক সম্পূৰ্ণ বিৰোধিতা কৰিছে।আজি আয়োজিত এক সংবাদ মেলত আছুৰ সভাপতি দীপাংকৰ কুমাৰ নাথে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখন জাতি ধ্বংসকাৰী দলিল।ইয়াৰ জৰিয়তে খিলঞ্জীয়া অস্তিত্ব বিপন্ন হ’ব, জনসাধাৰণে নিৰাপত্তাহীনতাত ভূগিব।সেই একেধৰণৰ মন্তব্য প্ৰদান কৰি সমুজ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই বিধেয়কখন গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিপন্থী ।কোনোপধ্যে বিধেয়কখনক মানি লোৱা মানি লোৱা নহ’ব।জে পি চি য়ে আংশিক ঠাইৰ লোকৰ মন্তব্য লৈ এই বিধেয়কখন বলবৎ কৰিব বিচাৰিছে ।ইয়াৰ প্ৰতিবাদ জনায় আছুৱে ৭জানুৱাৰীত ক’লা দিৱস পালন কৰিব।৮জানুৱাৰীত ৫পুৱা বজাৰ পৰা বিয়লি ৪বজালৈ অসম বন্ধ ঘোষণা কৰিছে ।অৱশ্যে পৰীক্ষা, অত্যাৱশ্যকীয় সেৱাসমূহ, আৰু কেইটামান অনুষ্ঠানক ৰেহাই কৰা হৈছে।উল্লেখযোগ্য যে ১০বছৰৰ পিছত আছু এনেদৰে অসম বন্ধ ঘোষণা কৰিছে।২৩জানুৱাৰীত গণসমাবেশ আৰু ইয়াৰ পিছতে ৰাজ্যজুৰি অঞ্চলে অঞ্চলে সভা অনুষ্ঠিত কৰিব।স্মতব্য যে আছুৰ লগত ৩০টা জনজাতীয় সংগঠনে সহযোগ কৰিছে।ইফালে নৰ্থ ইষ্ট ষ্টুডেন অৰ্গনাইজেচন চমুকৈ নেছোৰ চেমুৱেল জিব্ৰাই সংবাদ মেল যোগে ৮জানুৱাৰীত সমগ্ৰ উত্তৰ পূবতে বন্ধ ঘোষণা কৰিছে ।উল্লেখযোগ্য যে নেছোৰ সংগঠনৰ লগত আছু, খাচী ছাত্ৰ সন্থা,অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা,নগা ছাত্ৰ ফেডাৰেচন, মণিপুৰ ছাত্ৰ সন্থা,মিজোৰাম জিৰলাই পউল, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেচন জৰিত হৈ আছে ।ইফালে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ হৈ আজিজুল ৰহমানে কয় যে অসম চুক্তিকলৈ গ্ৰহণ কৰা দুমুখীয়া নীতিক বিৰোধিতা কৰিছো।আনহাতে শিৱসাগৰত বীৰ লাচিত সেনাও কঠোৰ ভাষাৰে বিৰোধিতা কৰাৰ বাতৰি আমালৈ আহিছে ।যি সময়ত সমগ্ৰ ৰাজ্যবাসী জাতীয়তাবাদৰ স্বাৰ্থত মাৰবান্ধি থিয় হৈছে।অসম আন্দোলনৰ পৰিবেশ সূচনা হৈছে, সেইসময়ত জাতীয় নায়কে দেশ, জাতিৰ স্বাভিমানৰ ৰক্ষাৰ স্বাৰ্থত কি ভূমিকা গ্ৰহণ কৰে লক্ষ্যণীয় হৈ ৰ’ব।

Leave A Reply

Your email address will not be published.