তথ্য প্ৰযুক্তিৰ প্ৰসাৰতাই সমগ্ৰ বিশ্ব খনকেই সৰু কৰি পেলালে। দৈনন্দিন জীৱন শৈলীৰ ক্ষেত্ৰতো বহু পৰিবৰ্তন ঘটিল। ইয়াৰ সমান্তৰালভাৱে ইণ্টাৰনেটত ঠাই পালে কিছুমান চেলেঞ্জিং গেমে। চেলেঞ্জিং গেমৰ ইতিহাস বহু পুৰণি নহয়। ব্লু হুৱেল গেমে চেলেঞ্জিং গেমৰ স্থিতি সম্পৰ্কে সকলোকে জ্ঞাত কৰি তুলিলে। ব্লু হুৱেল গেম, কি কি চেলেঞ্জৰ পিছত এইবাৰ ইণ্টাৰনেট যোগে ত্ৰাসৰ সৃষ্টি কৰিছে ম’ম বাদচাহ চেলেঞ্জ নামৰ গেমবিধে। এই গেমবিধে বিশ্বৰ বিভিন্ন দেশত মৃত্যু দূত হিচাপে ধৰা দিছে। ম’ম বাদচাহ গেমবিধৰ চিকাৰ হোৱা সকলৰ মানসিক স্থিতি ইমানেই কমি যায় যে নিশা শুৱলৈও ভয় খায় আৰু পৰিশেষত গেমৰ চেলেঞ্জত মানসিক ভাৰসাম্যতা হেৰুৱাই আত্মহত্যাৰ পথ বাছি লয়। এই মন্তব্য এগৰাকী মানসিক ৰোগৰ বিশেষজ্ঞৰ। প্ৰাপ্ত তথ্য অনুসৰি হুৱাটআপ যোগে এই গেমৰ ৰিকুৱেষ্ট এটা লিংকৰ জৰিয়তে আহে। লিংক অপেন কৰি নম্বৰ চেভ পৰাৰ পৰা গেম আৰম্ভ হয়। প্ৰেৰণকাৰীয়ে প্ৰথমে বাৰ্তালাপৰ জৰিয়তে গেমটোৰ প্ৰতি আকৰ্ষিত কৰে আৰু পৰৰ্ৱতী সময়ত চেলেঞ্জ দিয়ে। এই চেলেঞ্জে ব্লেকমেইলিঙৰ জৰিয়তে মৃত্যুৰ মুখলৈ থেলি দিয়ে। ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ শিশু এই গেমবিধৰ কৱলত পৰি প্ৰাণ হেৰুৱাইছে। দিনৰ অধিকাংশ সময় ম’বাইলত ব্যস্ত থকা শিশু সকল যাতে এনে ভয়ানক গেমৰ চিকাৰ নহয় তাৰ প্ৰতি নজৰ ৰাখিবলৈ বিশেষজ্ঞই পৰামৰ্শ প্ৰদান কৰিছে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন