নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি লতাশিল খেলপথাৰত অগণন লোকৰ সমাগম হয়। খিলঞ্জীয়া ব্ৰজ নিনাদ শীৰ্ষক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে কয় যে চৰকাৰে অসম আৰু অসমীয়া ভাষা, সংস্কৃতিক ধবংস গৰাহলৈ নিবলৈ চেষ্টা চলাই আহিছে ।অসমীয়া মানুহে কোনো বিদেশীৰ ওচৰত আঠু লৈ জীয়াই থকা নাই আৰু নাথাকে।যিকোনোৰ বিনিময়ত বিধেয়কখন বাতিল কৰাৰ বাবে আমি দায়বদ্ধ ।আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে আজি সভাস্থলীৰ পৰা মুখ্যমন্ত্ৰীক ঘৰ বিভীষণ আখ্যা দিয়ে।আনহাতে আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে কয় যে অসমৰ পাহাৰ ভৈয়ামৰ মানুহৰ কথাত এই কথা প্ৰতিধ্বনিত হৈছে যে এই বিধেয়ক গৃহীত কৰাৰ বাবে আমাৰ অনুমতি নাই।ঘৰৰ মালিকৰ অনুমতি নোহোৱাকৈ কোনো ভাৰাতীয়া ঘৰৰ লাইখুঁটা সলনি কৰিব নোৱাৰে।ঠিক সেইদৰে বিদেশীক স্বদেশ স্থান দিব নোৱাৰে ।আনহাতে আছুৰ প্ৰমোদ বড়োয়ে সভাত উপস্থিত থাকি কয় যে এই সংগ্ৰাম অসমৰ বঙালী, বিহাৰী বিৰুদ্ধ সংগ্ৰাম নহয়।এই সংগ্ৰাম খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামহে।বণিয়া উদ্যোগ নিৰ্মাণ কৰিছে, দলং বনাইছে তাত আমাৰ ক’ব লগা নাই ।কিন্তু অসমৰ জনগণৰ অস্তিত্ব ক্ষেত্ৰত মাত মাতিলে ক্ষান্ত থকা নহ’ব।এন আৰ চিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো আওতাত অনাটো দুভাগ্যজনক।অসমৰ বিভিন্ন কাকত, চেনেলৰ সম্পাদক সকলৰ লগতে শিল্পী, বুদ্ধিজীৱি, ৩০টা জনজাতীয় দল সংগঠনৰ সমূহ সদস্য উপস্থিত থাকে।অনুষ্ঠানত শিক্ষাবিদ ডক্টৰ অমৰ জ্যোতি চৌধুৰী,মহেন্দ্ৰ হাজৰিকা, জুবিন গাৰ্গে বিধেয়কখন বিৰোধিতা কৰি গানেৰে, কবিতাৰে প্ৰতিবাদ কৰে।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন