জন্মাষ্টমীৰ বিশেষ লেখা

0 246

হিন্দুধৰ্মৰ লোক সকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ জন্মাষ্টমী। এই উৎসৱ ঠাই বিশেষে দুদিনীয়া অথবা তিনিদিনীয়াকৈ উদযাপনৰ প্ৰস্তুতি চলোৱাৰ কথা জানিব পৰা গৈছে। জন্মাষ্টমী উৎসৱ শিশু কৃষ্ঞৰ জন্মৰ লগত সম্পৰ্কিত। ভাগৱতত উল্লেখ থকা অনুসৰি কৃষ্ঞৰ জন্ম ভাদ মাহৰ কৃষ্ঞ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত হৈছিল। এইবাৰ জন্মাষ্টমীৰ সময় খুবেই উত্তম সময়। জ্যোতিষীৰ মত অনুসৰি এইবাৰ জন্মাষ্টমীৰ সময়ৰ সাদৃশ্য দ্বাপৰ যুগৰ লগত সাদৃশ্য আছে। জন্মাষ্টমীৰ উপলক্ষে ধৰ্মীয় উপাসনা গৃহ সমূহ সজাই পৰাই তোলা হৈছে। আপোন জনৰ মংগল কামনা কৰি শুভেচ্ছাৰ আদান প্ৰদান কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ মথুৰা,বৃন্দাবন আদিত জন্মাষ্টমী উলহে মালহে পালনৰ প্ৰস্তুতি চলিছে। কোনোৱে জন্মাষ্টমীৰ উপলক্ষে পূজা অথবা ব্ৰত ৰাখিছে। নৈশ ভাগত নামঘৰ সমূহত শ্ৰী কৃষ্ঞৰ লীলাৰ গীত, নৃত্য অথবা ভাওনা প্ৰদৰ্শিত হ’ব। ভকত সকলে নামঘৰত কৃষ্ঞ লীলা শ্ৰৱণ কীৰ্তন কৰে।অধিকাংশ লোকে আজিৰ দিনটোত নিৰামিষ ভোজন কৰে। দেশৰ বিভিন্ন প্ৰান্ত যেনে মধ্যপ্ৰদেশ, অন্ধপ্ৰদেশ, তামিলনাদু, উৰিষ্যা, পশ্চিমবংগ, মণিপুৰৰ লগতে অসমত এই উৎসৱ পৰাম্পৰাগতভাৱে চলি আহিছে।


 

Leave A Reply

Your email address will not be published.