জাতিৰ স্বাৰ্থত-কালিলৈ বন্ধ হ’ব নে

0 257
বোলো শুনিছনে নাই? দেশ, জাতি যায়, ওৰে ৰাতি বিচনাতে ফেকুৰিছে আই! গানটো প্ৰাসংগিক হৈ উঠিছে । কালিলৈ বন্ধ হ’ব নে? চৰকাৰে কি কয় ৰাইজে কি কয় আজিৰ তাৰিখত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ থিয় দিছে। নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন বিতোপন গগৈয়ে ফেচবুকত পোষ্ট কৰিছে এনেদৰে-মই ব্যক্তিগত ভাৱে বন্ধৰ বিৰোধিতা কৰো। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে কাইলৈ হ’বলগা বন্ধলৈ মোৰ নৈতিক সমৰ্থন আছে। আহক আমি সকলোৱে দেশ-জাতিৰ স্বাৰ্থত কাইলৈ সৰ্বাত্মক অসহযোগ কৰো। চৰকাৰে এফালে ৰাইজক দেখুৱাই বিধেয়কৰ সপক্ষে অনুষ্ঠিত হোৱা সমাৱেশৰ অনুমতি নিদিয়াৰ কথা ঘোষণা কৰিছে, আনহাতে জিলা প্ৰশাসন সমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে আগতকৈও কঠোৰ হৈ বন্ধ অসফল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে! আনহাতে বিজেপিয়ে অসমবাসীৰ অস্তিত্ব ৰক্ষাৰ বাবে বন্ধ দিয়া সংগঠন সমূহক তথাকথিত আখ্যা দিছে। আমি বন্ধ সমৰ্থন নকৰো যদিও অসমখন বিদেশীৰ হাতৰ পৰা বচোৱাৰ স্বাৰ্থতে আহক এদিন ৰাজহুৱা স্থানত কৰিব লগা কামবিলাক বাদ দি ঘৰতে কৰিব লগা কিছু কাম কৰো। আন বন্ধৰ দিনত কৰি শেষ নোহোৱা ঘৰুৱা কামটো কাইলৈকে ঘৰতে থাকি শেষ কৰো আহক। আহক কাইলৈ সৰ্বাত্মক অসহযোগেৰে বৰঘৰত বৰপীৰা পাৰি বিদেশী বহুৱাব খোজা, অবৈধ বাংলাদেশী প্ৰেমী চৰকাৰ অচল কৰি দিও!আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতি, আছুকে আদি কৰি সৰ্বমুঠ ৪৬টা সংগঠনে বন্ধৰ সমৰ্থন কৰিছে।ইফালে চৰকাৰে বন্ধ বিৰোধিতা কৰি চৰকাৰী কাম কাজ নিয়মিতভাৱে চলাই নিবলৈ ঘোষণা কৰিছে।এই সম্পৰ্কে আমি কথা পাতিছিলো জাতি, মাটিৰ বাবে গান গোৱা শিল্পী মহেন্দ্ৰ হাজৰিকাৰ সৈতে আমাক এইদৰে জনায়-গণতান্ত্ৰিক দেশত সকলোৱে মত প্ৰকাশৰ অধিকাৰ আছে।৪৬টা সংগঠন কেতিয়াও ভুল হ’ব নোৱাৰে ।এই বন্ধত মোৰ নৈতিক সমৰ্থন আছে । জাতি-ভেটিৰ সংকটৰ কালত ৰাজনীতিৰ মেৰপাকত আৱদ্ধ নহৈ জাতীয় নায়কে কি স্থিতি গ্ৰহণ কৰে, সেয়া লক্ষ্যণীয় হ’ব।
Leave A Reply

Your email address will not be published.