নাৰী দিৱসৰ খবৰে

0 287

WhatsApp Image 2018-03-08 at 6.38.39 PM (1)

আজি আন্তৰ্জাতিক নাৰী দিৱস। সমগ্ৰ দেশৰ লগতে অসমতো এই দিৱস উদযাপিত হৈছে। নাৰী দিৱস উপলক্ষ্যে এম এচ এম ই আৰু লঘু উদ্যোগ ভাৰতীৰ উদ্যোগত উত্তৰ পূবৰ মহিলা সমাৰোহ অনুষ্ঠিত। প্ৰশাসনিক ষ্টাফ কলেজত অনুষ্ঠিত হোৱা সমাৰোহখনত উত্তৰ পূবৰ উদ্যমী মহিলা সকলে অংশ গ্ৰহণ কৰে। সমাৰোহ খনত কোনো উদ্যোগ তথা ব্যৱসায়ৰ প্ৰয়োজনীয়তা, আৰু কিদৰে ব্যৱসায় উন্নয়ন সাধিব পাৰি, সেই সম্পৰ্কে বিভিন্ন জন বিশেষজ্ঞই মত আগবঢ়ায়।

WhatsApp Image 2018-03-08 at 6.41.43 PM

ইফালে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি সমাজ কল্যাণ বিভাগ আৰু অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ যুটীয়া উদ্যোগত কলাক্ষেত্ৰত অনুষ্ঠিত হয় এক অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে নাৰীয়ে সমাজৰ ধ্বজাবাহক। নাৰী অবিহনে সমাজখন চলিব নোৱাৰে। আমি প্ৰত্যেকেই নাৰীক সন্মান কৰা উচিত। এগৰাকী নাৰীহে শান্তি আৰু সংস্কাৰ বাৰ্তা বিলাব পাৰে। মই ভাবো মাতৃৰ কোলাত বোটলা শিক্ষা পৃথিৱীৰ শ্ৰেষ্ঠতম শিক্ষা। উল্লেখযোগ্য যে অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা ভাৰতীয় সংস্কৃতিৰ বাহক নাৰী সমাজ “শীৰ্ষক আলোচনা চক্ৰত উপস্থিত থাকি বিধায়িকা আঙুৰলতা ডেকাই কয় যে প্ৰথমতেই আমি অধিকাৰৰ পিছত দৌৰিব নালাগে। কৰ্তব্য আৰু দায়িত্ব পালন কৰিলেই অধিকাৰে নিজেই স্থিতি ল’ব। অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ উদ্যমী মহিলা সকলৰ এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰে। লগতে অংকুশিতা বড়োক কামৰূপ মেট্ৰ’ৰ বেণ্ড এম্বেচাদৰ হিচাপে ঘোষণা কৰে। অনুষ্ঠানত বহু কেই গৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

WhatsApp Image 2018-03-08 at 6.39.08 PM

আনহাতে গুৱাহাটীত সাংবাদিক সুৰক্ষা মঞ্চৰ উদ্যোগত পাঁচগৰাকী মহিলা সাংবাদিকক বিশেষ সন্মান প্ৰদান কৰে। সেইসকল হ’ল কোকৰাঝাৰৰ দৈনিক অগ্ৰদূত কাকতৰ সাংবাদিক মনালিছা শৰ্মা, ইউ এ টি ভি ৰ পৰিণীতা বৰুৱা, গুৱাহাটীত প্ৰাগ নিউজৰ সাংবাদিক ববিতা গগৈ, গোলাঘাটৰ দৈনিক জনমভূমি কাকতৰ ববিতা বৰা আৰু নলবাৰী মুকালমোৱাৰ গণঅধিকাৰ কাকতৰ সাংবাদিক সংগীতা মেধীক সম্বৰ্ধনা জনায়।

Leave A Reply

Your email address will not be published.