কালিলৈ বৰদিন।খ্ৰীষ্টান ধৰ্মালম্বীৰ লোকসকলৰ পবিত্ৰ উৎসৱ । বৰদিনৰ উপলক্ষে গীৰ্জাবোৰ সুন্দৰকৈ সজাই তুলিছে।বজাৰত বৰদিনৰ সা সামগ্ৰীয়ে ভৰি পৰিছে ।শিশুৰ পৰা আৰম্ভ কৰি বয়সীয়াল জনলৈকে বিভিন্ন লোকে বৰদিনৰ সা-সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত হৈছে ।বজাৰত চাণ্টা ক্ল’জৰ পুতলা, খ্ৰীষ্টমাৰ্চ ট্ৰি, ষ্টাৰ,নানা ৰঙী লাইট, হুপ ফুলৰ নানা ৰঙী মালা উপলব্ধ হৈছে।কেকৰ দোকানটো খ্ৰীষ্টমাৰ্চৰ অৰ্ডাৰ পাইছে বুলি জানিব পৰা গৈছে ।বৰদিন প্ৰভু যীচুৰ জন্মদিনৰ লগত সম্পৰ্কিত এক উৎসৱ ।এই বৰদিনৰ লগত আকাশত ওলোৱা তৰাৰো সম্পৰ্ক আছে বুলি খ্ৰীষ্টানসকলে বিশ্বাস কৰে।খ্ৰীষ্টমাৰ্চ ট্ৰি সম্পৰ্কে বাইবেলত সঠিক ভাৱে লিখা নাথাকিলেও চাণ্টাক্লজ যে শিশুক আমোদ দিয়া এটা চৰিত্ৰ তাক নুই কৰিব নোৱাৰি।কোনো কোনো গীৰ্জাত আজিৰেপৰা বৰদিনৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে ।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ