শিশু দিৱস উদযাপন

0 483

WhatsApp Image 2017-11-14 at 5.32.38 PM

আজি শিশু দিৱস। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ জন্মদিন। শিশু দিৱস উপলক্ষে সমগ্ৰ দেশতে শিশুসকলৰ মাজত বিভিন্ন ঠাইত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা বাতৰি আমালৈ আহিছে। অসম শিশু সাহিত্য ন্যাসৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটী লতাশিল খেলপথাৰত শিশু দিৱস উদযাপিত হয়।

WhatsApp Image 2017-11-14 at 3.37.06 PM

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিশুৰ সৈতে একেলগে জাতীয় পতাকাৰ ৰঙৰ বেলুন উৰুৱাই লতাশিল পথাৰত অনুষ্ঠিত হোৱা কাৰ্য্যসুচীৰে শুভাৰম্ভ কৰে। শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুসকলৰ সজাগতাৰ অৰ্থে স্বচ্ছতা, গছ সংৰক্ষণৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

WhatsApp Image 2017-11-14 at 3.33.03 PM

চিত্ৰাংকন প্ৰতিযোগিতা খনত প্ৰায় ৪০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। তিনিটা শাখাত অনুষ্ঠিত কৰা প্ৰতিযোগিতা খনত ৯ গৰাকী বিজয়ী প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰে। অসম শিশু সাহিত্য ন্যাসে প্ৰকাশ কৰি উলিওৱা শিশু সাহিত্যৰ বহুকেইখন গ্ৰন্থ উন্মোচিত হয়।

Leave A Reply

Your email address will not be published.