ভাৰতত উদযাপন হোৱা প্ৰতিটো উৎসৱৰ লগত সম্পৰ্কৰ দৃঢ়তা সম্পৰ্কিত হৈ থাকে। উদাহৰণস্বৰূপে ফাকুৱা, দেৱালী, ৰাখী বন্ধন অন্যতম। আচলতে ক’বলৈ হ’লে এই প্ৰতিটো উৎসৱৰ লগত পৰম্পৰা তথা প্ৰচলিত ধাৰণা জৰিত হৈ আছে। সেয়েহে হিন্দু ধৰ্মীয় লোকসকলে প্ৰতি বছৰে শ্ৰদ্ধা তথা ভক্তিৰে এই উৎসৱ সমূহ পালন কৰি আহিছে। আজি ৰাখী বন্ধন। ভাই ভনীৰ সম্পৰ্ক এই উৎসৱে সুদৃঢ় কৰি তোলে। কিয়নো আজিৰ দিনটোত কিছু নীতি নিয়মেৰে ভনীয়েকে ককায়েকৰ মংগল কামনা কৰি ৰাখী বান্ধে। সেয়ে ৰাখীক সূতা বা ৰচি বুলি নকৈ সম্পৰ্ক দৃঢ় কৰা অন্যতম প্ৰতীক বুলি কব পাৰি। পুৰাণত উল্লেখ থকা অনুসৰি দ্ৰুপদীয়ে কৃষ্ঞক এসময়ত ৰাখী বান্ধিছিল, সেয়েহে কৃষ্ঞই দ্ৰুপদীক বস্ত্ৰ হৰণৰ সময়ত উদ্ধাৰ কৰিছিল। এই মতক লৈ অৱশ্যে বহুতৰ দ্বিমত আছে। যদিও ৰাখী বন্ধন উৎসৱ ভাৰতীয় সংস্কৃতিৰ অৰ্ন্তগত আছিল, অসমত উদযাপন কৰা মাত্ৰ কেইবছৰ মানৰ পৰা পৰিলক্ষিত হৈছে। যি উৎসৱে উদযাপন নকৰক কিয় শ্ৰদ্ধা, ভক্তি সহকাৰে উৎসৱৰ মহত্ব বুজি পালন কৰিলে, পৰম্পৰা অক্ষুন্ন থাকিব আৰু সম্পৰ্কৰো পবিত্ৰতা বৰ্তি থাকিব। সদৌ শেষত প্ৰতিজন ভাই ভনী লৈ ৰাখী বন্ধন শুভেচ্ছা জনালো। আশা কৰিলো এই উৎসৱে ভাতৃত্ববোধৰ এনাজৰী ডাল দৃঢ় কৰি তোলে।
Trending
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*
- যোগোৎসৱ আয়োজন
- অসমতো দিল্লীৰ আৰ্হিৰ স্কুল আৰু মহল্লা ক্লিনিক নিৰ্মাণৰ লক্ষ্য আপৰ
- IDE Bootcamp at ADBU