অক্সাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজিত ঢেকিয়াজুলি সমষ্টিৰ শৈক্ষিক উন্নয়ন সভাত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

0 135

ঢেকিয়াজুলি সমষ্টিৰ শৈক্ষিক পৰিৱেশৰ সামগ্ৰিক উত্তৰণৰ হকে হাতত লোৱা বিশেষ পদক্ষেপ হিচাপে মন্ত্ৰী অশোক সিংহলে আজি ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত নলবাৰীৰ প্ৰাক্তন বিধায়িকা তথা অক্সাৰ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক অলকা দেশাই শৰ্মাৰ উপস্থিতিত আয়োজিত ঢেকিয়াজুলি সমষ্টিৰ শৈক্ষিক উন্নয়ন সভা”ত অংশগ্ৰহণ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক উত্তৰণত অক্সাৰ ফাউণ্ডেচনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই ফাউণ্ডেচনৰ এক প্ৰধান লক্ষ্য হৈছে ব্যৱহাৰিক শিক্ষা, অৰ্থাৎ হাতে-কামে শিকন-শিক্ষণ। যিয়ে শিক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়াটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে। এই ফাউণ্ডেচনে বিজ্ঞান শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰেৰে এক গুণগত মানৰ শৈক্ষিক পৰিৱেশ সৃষ্টিতো বিশেষ অৰিহণা যোগাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে ঢেকিয়াজুলি সমষ্টিৰ শৈক্ষিক সমস্যাৰাজি, বিশেষকৈ শিক্ষা সমাপ্ত নকৰাকৈ বিদ্যালয় এৰা শিক্ষাৰ্থীৰ ওপৰত বিশেষভাৱে আলোকপাত কৰাৰ উদ্দেশ্যে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ঢেকিয়াজুলিৰ শৈক্ষিক দিশৰ সৰ্বতোপ্ৰকাৰৰ বিকাশত আৰু শৈক্ষিক সমস্যা সমাধানৰ ক্ষেত্ৰত আজিৰ এই বৈঠক যথেষ্ট সহায়ক হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। শিক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নত কৰাৰ অৰ্থে অক্সাৰ ফাউণ্ডেচনৰ যোগেদি যি এক সুদূৰপ্ৰসাৰী প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰবাবে তেওঁ প্ৰাক্তন বিধায়িকা অলকা দেশাই শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

আজিৰ এই কাৰ্যসূচীত বিদ্যালয় পৰিদৰ্শক, ঢেকীয়াজুলিৰ বিদ্যালয়সমূহৰ পৰিচালনা সমিতিৰ সভাপতিসকল আৰু স্থানীয় শিক্ষাবিদ সকলো উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.