অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী মহানগৰ শাখা সমিতিৰ অষ্টম বাৰ্ষিক অধিবেশন আৰু অসমীয়া গদ্য সাহিত্যৰ জনক, বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰী ভট্টদেৱৰ তিৰোভাৱ তিথি যোৱা ২৬ ডিচেম্বৰত হাতীগাঁৱৰ সিজুবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। বিয়লি ৩ বজাত সাহিত্য পৰিষদৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ধীৰেণ শৰ্মাই উদ্ধোধন কৰা সভা সঞ্চালনা কৰে মহানগৰ সমিতিৰ সভাপতি নিশুতি মজুমদাৰে। সভাত পাণ্ডু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা যশস্বী লেখক ভৱানীপ্ৰসাদ অধিকাৰীয়ে মুখ্য বক্তা হিচাপে অংশ লৈ অসমীয়া সাহিত্য জগতলৈ শ্রীশ্রী ভট্টদেৱৰ অৱদান লগতে তাহানিৰ সাহিত্যৰ স’তে বৰ্তমানৰ সাহিত্যৰ এক তুলনামূলক অধ্যয়নৰ সমীক্ষা দাঙি ধৰে। সভাত সাহিত্য পৰিষদৰ অসম প্ৰদেশ সমিতিৰ উপ-সভাপতি দেৱেশ্বৰ কলিতা, সচিব প্ৰধান কমল কলিতা বিশিষ্ট অতিথি হিচাপে অংশ লয়। মুকলি সভাৰ পূর্বে অনুষ্ঠিত বিষয় বাছনি সভাত ড০ দেবেন চন্দ্র দাস, ধীৰেণ শৰ্মা, মীনা কুমাৰী ৰায়মেধি, ৰমেন কলিতা, ডাঃ ইলিয়াচ আলী, তাইৰুল ইছলামক উপদেষ্টা, নিশুতি মজুমদাৰক সভাপতি, বিৰজা দেৱীক কাৰ্যকৰী সভাপতি, ডাঃ যোগেন দাস, মণিৰাম দাস, কমল কলিতাক উপ-সভাপতি, সুভাষ শৰ্মাক সচিব, দীপক শৰ্মাক প্ৰচাৰ সচিব, সুস্মিতা মজুমদাৰক কাৰ্যলয় সচিব, বন্দনা ৰায়মেধিক কোষাধ্যক্ষ হিচাপে লৈ আগন্তুক কাৰ্যকালৰ কমিটিখন গঠন কৰে।
Trending
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন