অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাংগঠনিক সভাত নব প্ৰজন্মক আঞ্চলিকতাবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ ওপৰত গুৰুত্ব

0 233

কংগ্ৰেছ দলক প্ৰতিৰোধৰ স্বাৰ্থত ২০১৪ চনৰ পৰা অসমত বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰিলেও অগপই নিজৰ আঞ্চলিকতাবাদৰ মূল লক্ষ্যৰ পৰা অলপো পাছুৱাই নাহে । বৰঞ্চ নতুন প্ৰজন্ম বা যুৱ প্ৰজন্মক কিদৰে আঞ্চলিকতাবাদত আকৰ্ষিত কৰিব পাৰি তাৰ লক্ষ্যৰে অগপ দলে কাম কৰি যাব ।এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ।২৫ জুনত গুৱাহাটীৰ সাওঁকুছিস্থিত জয়ৰাম ভৱনত অনুষ্ঠিত অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত দলৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ লক্ষৰে অনুষ্ঠিত সভাত সভাপতিত্ব কৰি এইদৰে মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক কলিতাই কয় অসমত অগপ অবিহনে প্ৰকৃত আঞ্চলিকতাবাদৰ কথা কল্পনাই কৰিব নোৱাৰি । গতিকে অসমৰ প্ৰাপ্য আদায় কৰিবলৈ হলে অগপ আৰু আঞ্চলিকতাবাদ শক্তিশালী ৰূপত গঢ় দিবই লাগিব। আনহাতে সভাত অগপৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতিত্ৰয় ডাঃ তাৰাপ্ৰসাদ দাস , প্ৰশান্ত বৰুৱা আৰু সুনীল ৰাজকোঁৱৰ , সাধাৰণ সম্পাদক ভূপেন ৰয় , সম্পাদক সুভাষ শৰ্মাকে ধৰি কেবাজনো নেতাই পৰিৱৰ্তিত পৰিস্থিতিত আঞ্চলিকতাবাদৰ প্ৰাসংগিকতাবাদ বৃদ্ধি পোৱা বুলি সদৰি কৰি সমগ্ৰ দেশতে কংগ্ৰেছ দলৰ অপশাসন , দুৰ্নীতি , ভোটবেংক বা তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে দেশত আঞ্চলিকতাবাদৰ উত্থান হোৱা বুলি সদৰি কৰে আৰু উঠি অহা নব প্ৰজন্মক আঞ্চলিকতাবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । সভাত পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক সম্পাদকদ্বয় ৰাজেন মেধি আৰু ৰবীন দৈমাৰী , কামৰূপ জিলা কমিটিৰ সম্পাদক পৰেশ বৰুৱাকে ধৰি কেবাজনো নেতা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.