অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰত সন্নিৱিষ্ট হ’ব চৰাইদেউ মৈদাম

0 116

অচিৰেই বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভূক্ত হ’ব চৰাইদেউ মৈদামৰ নাম। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ তৎপৰতাত কেন্দ্ৰীয় চৰকাৰে ইউনেস্কলৈ চৰাইদেউ মৈদামৰ নাম প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জনতা ভৱনত আহ্বান কৰা এক সংবাদমেলত এই কথা সদৰি কৰে৷মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উল্লেখ কৰে যে শুক্ৰবাৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কেন্দ্ৰীয় চৰকাৰে চৰাইদেউ মৈদাম সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিষয়ে তেওঁক অৱগত কৰে।প্ৰধানমন্ত্ৰী কাৰ্যালয়ে তেওঁক জানিব দিয়া মতে দেশৰ পৰা একমাত্ৰ স্বৰ্গদেউ সকলৰ এই মৈদামক বিশ্ব ঐতিহ্যৰ বাবে পঠিওৱা হ’ব৷

সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসম চৰকাৰে ২০১৪ চনৰে পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক স্বীকৃতি দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক অহৰহ হেচাঁ দি আহিছিল ৷মন কৰিবলগীয়া যে,দেশত ইতিমধ্যে ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈ আছে প্ৰায় ৫২টা ক্ষেত্ৰ৷আটাইকেইটাই বিশ্ব ঐতিহ্যৰ মনোনয়ন তালিকাত অন্তভুৰ্ক্ত ৷

ইউনেস্কৰ সদস্য ৰাষ্ট্ৰ এখনে প্ৰতিযোগিতালৈ মাত্ৰ এটা নামহে পঠিয়াব পাৰে ৷ সেই অনুসৰি এইবাৰ অসমৰ পৰা কেন্দ্ৰীয় চৰকাৰে দেশৰ হৈ একমাত্ৰ চৰাইদেউ মৈদামক ইউনেস্কলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ হিচাপে বিবেচিত বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে৷

Leave A Reply

Your email address will not be published.