জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱ- গায়ন বায়নৰ প্ৰশিক্ষণ শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ

0 137


জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনালৈ মাজত মাত্ৰ ডেৰ মাহ বাকী ৷ ভাৰতৰ একক সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান বাৰেচহৰীয়া ভাঁওনাত এইবেলি নতুনকৈ সংযোজন ঘটিব যুৱ প্ৰজন্মৰ দ্বাৰা গায়ন বায়নৰ প্ৰদৰ্শন ৷ সৰ্বমুঠ ২১ খন খলাত একেলগে প্ৰায় তিনিশতাধিক যুৱ প্ৰজন্মই প্ৰদৰ্শন কৰিব লগা এই গায়ন বায়নৰ প্ৰশিক্ষণৰ কালি শুভ উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক পদ্ম হাজৰিকাই।

হাতত খোল আৰু তাল লৈ দুয়োটি বাদ্য নিজে বজাই শুক্ৰবাৰে বিয়লি শুভাৰম্ভ কৰিলে জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ বৃহৎ খোল প্ৰশিক্ষণৰ কাৰ্যসুচীৰ আৰু মাত্ৰ ডেৰ মাহৰ পিছতেই অনুষ্ঠিত হ’ব লগা ভাৰতৰ একক সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান বাৰেচহৰীয়া ভাওনাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি হয়। অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক যুৱ প্ৰজন্মই অংশগ্ৰহণ কৰা এই গায়ন বায়নৰ প্ৰশিক্ষণত ব্যৱহৃত খোল তালৰ শব্দই মুখৰ কৰি তুলিলে জামুগুৰিহাটৰ পাঞ্চজন্য বৰনামঘৰৰ চৌপাশ ৷ এমাহ ধৰি চলিব লগা এই প্ৰশিক্ষণত যুৱ প্ৰজন্মই সঠিক আৰু শুদ্ধ ৰূপত শংকৰী কলা কৃষ্টিৰ এই গায়ন বায়ন প্ৰদৰ্শন কৰিব আহিব লগা বাৰেচহৰীয়া ভাওনা মহোৎসৱত ৷ ইতিমধ্যে এই গায়ন বায়নৰ প্ৰশিক্ষণত বাজি উঠা খোল তালৰ শব্দৰ পিছতেই আনুষ্ঠানিকভাৱে বাৰেচহৰীয়া ভাওনা মহোৎসৱলৈ ককালত টঙালী বান্ধিলে জামুগুৰীয়া ৰাইজে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.