ৰাজ্যত নিষিদ্ধ হ’ব লালিগুড়। উপায়ুক্তক লালিগুড় নিষিদ্ধ কৰাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অবৈধ সুৰা সেৱনৰ ক্ষতিকাৰক দিশসমূহ ৰাইজক অৱগত কৰোৱাৰ বাবে বিভিন্ন স্থানত সচেতনতাৰ কাৰ্যসূচী গ্ৰহণৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । সুৰা ট্ৰেজেডীত ঘাতমাউৰা হোৱা শিশুৰ প্ৰতিপালনৰ ব্যৱস্থা ল’ব ৰাজ্য চৰকাৰে। জুভেনাইল জাষ্টিচ আইনৰ অধীনত ল’ব পদক্ষেপ। জনতা ভৱনত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত। বৈঠকত উপস্থিত আছিল মন্ত্ৰী পল্লৱলোচন দাস, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব আলোক কুমাৰ, শ্ৰম বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ঞু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াৰ লগতে ৰাজহ আৰু শ্ৰম বিভাগৰ বহু কেইগৰাকী বিষয়া ।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে