সমগ্ৰ পৃথিৱীৰ মুখ্যধাৰাৰ সংবাদ মাধ্যমক প্ৰত্যাহ্বান জনাই অনলাইন মাধ্যমে কৌটি কৌটি পাঠকক তথ্যৰ যোগান ধৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।বিকল্প সংবাদ ৰূপেও পৰিচিত এই মাধ্যমে ইণ্টাৰনেটৰ সহায়ত পৃথিৱীৰ চুকে কোণো পাঠক আৰু দৰ্শকক সংযোজিত কৰিছে।সেয়ে মানৱ জাতিৰ বাবে ই পৰিণত হৈছে ভৱিষ্যতৰ সংবাদ মাধ্যমৰূপে ।গুৱাহাটী প্ৰেছ ক্লাবৰ মিট দ্যা প্ৰেছ অনুষ্ঠানত নতুন দিল্লীৰ পৰা ভিডিও কনফাৰেন্স যোগে সাংবাদিকৰে বার্তালাপ কৰি জ্যেষ্ঠ সাংবাদিক যশৱন্ত সিঙে শুক্ৰবাৰে এই মন্তব্য কৰে । অনলাইন সংবাদিক ৰূপে খ্যাতি লাভ কৰা সিঙে ভাৰতৰ সংবাদ পত্ৰ আৰু নিউজ চেনেল সমূহৰ বেছিভাগেই ৰাইজৰ হিতৰ কথা বাদ দি নিজৰ মূনাফাৰ বাবে কাম কৰা বুলি অভিযোগ কৰে ।একপক্ষীয় আৰু বহুসময়ত পক্ষপাতদুষ্ট বাতৰি যোগানৰ জৰিয়তে মূল সূতিৰ সংবাদ মাধ্যমে প্ৰায়ে সমাজৰ অনিষ্ট সাধন কৰি আহিছে। সাধাৰণ পাঠকে সেইবাবে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ মত প্ৰকাশৰ স্বাধীনতা উপভোগ কৰিবলৈ আৰম্ভ কৰিছে।এতিয়া এনে এক পৰিৱেশৰ সৃষ্টি হৈছে যে মূল সূতিৰ সংবাদ মাধ্যমে অনলাইন মাধ্যমৰ পৰা তথ্য আহৰণ কৰিব লগা হৈছে। তদুপৰি একপক্ষীয় বাতৰিৰ বিৰুদ্ধে চ’চিয়েল মিডিয়াত ক্ষোভৰ উমান পাই বহুসময়ত নিউজ চেনেলে ক্ষমা খুজিব লগা পৰিস্হিতিৰো সৃষ্টি হৈছে। ইণ্টাৰনেটৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ ফলত বাতৰি কাকত আৰু নিউজ চেনেলে এই মাধ্যমৰ ওচৰত নিৰ্ভৰশীল হ’ব লগা হৈছে।ভাৰতৰ দৰে দেশত এতিয়াও বহু সংবেদনশীল বাতৰি কাকতৰ পাঠক আছে।কিন্তু তেওঁলোকৰ চাহিদা পূৰণৰ বাবে বাতৰি কাকতে নিজক সমৃদ্ধ নকৰিলে ভৱিষ্যত সংকট পূৰ্ণ হ’ব পাৰে। অনলাইন মাধ্যমত এতিয়া যিহেতু প্ৰায় সকলো ধৰণৰ সংবাদ পোৱা যায় ,বাতৰি কাকত নিউজ চেনেলে তাৰ নিৰপেক্ষ পৰ্য্যালোচনা গুৰুত্ব দিব পাৰে।নতুন প্ৰজন্মৰ সাংবাদিক সকলক উদ্দেশ্যি তেওঁ কয় যে সাংবাদিকতাৰ ধাৰা সলনি হ’লেও ই সদায় জীয়াই থাকিব। সাংবাদিক সকলে যি মাধ্যমতে কাম নকৰক কিয় নিজক প্ৰতিষ্ঠা কৰিবলৈ অধ্যাৱসায় কৰিবই লাগিব।অনলাইন মাধ্যমৰ সুবিধা লৈ পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ নিজৰ তথ্য আৰু ধ্যান ধাৰণা প্ৰচাৰেৰে উদীয়মান সকলে নিজৰ পৰিচয় নিশ্চিত কৰিব বুলিও সিঙে আশা প্ৰকাশ কৰে।
Trending
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ