অভাৱেই আৱিস্কাৰৰ মূল-কথাষাৰ পুনৰ বাৰ প্ৰমাণ হ`ল

0 312

অভাৱেই আৱিষ্কাৰৰ মূল এই আপ্তবাক্য শাৰীৰ যথাৰ্থতা আৰু বাস্তৱিকতা কাৰ্যত প্ৰমাণিত কৰি দেখুৱাইছে লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ঘিলামৰা অঞ্চলৰ কেইগৰাকীমান উদ্যমী কৃষকে। উচ্চ শিক্ষাৰে শিক্ষিত হৈও চাকৰিমুখী প্ৰবণতা পৰিহাৰ
কৰি কৃষি কৰ্মেৰে আত্ম প্ৰতিষ্ঠাৰ নিৰলস সংগ্ৰাম চলাই যোৱা ঘিলামৰা দেউলিয়া গাঁওৰ কৰ্মোদ্যমী যুৱক শৈলেন দত্ত , পুষ্প দত্ত, নগেন দত্ত, বিজয় দত্ত, নিপু দত্ত, চিদা দত্ত, কল্যান দত্ত, নিকুঞ্জ দত্ত, লেখন দত্ত, ভৰত দত্ত ,মণ্টু দত্তহতৰ কৰ্মস্পৃহা আৰু উদ্ভাৱনী পদক্ষেপে সহস্ৰজনৰ
দৃষ্টি কাঢ়িছে। বিগত সময়চোৱাত ব্যৱসায়ীক ভিত্তিত চয়াবিন খেতি , নুনী বাগান , কল বাগান, শালি ধানৰ কঠিয়া পাৰি ঈর্ষণীয় অৰ্থোপাৰ্জন কৰিবলৈ সক্ষম হোৱা ঘিলামৰা “কেয়াৰ ফাৰ্মাৰ প্ৰডিউচ্চাৰ অৰ্গেনাইজেচনৰ অন্তৰ্গত দেউলিয়া গাঁও কৃষক আগ্ৰহী গোটৰ এইসকল স্বাৱলম্বী যুৱকে লক ডাউন কালত গুমধানৰ চাহিদা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰিছিল প্ৰায় ৪ বিঘা আবাদী মাটিত গোমধানৰ খেতি।নুন্যতম শ্রম আৰু অৰ্থ বিনিয়োগৰ লগতে কম কৰ্মদিনতেই প্ৰভূত লাভ অৰ্জনৰ সম্ভাৱনা থকা এই গোমধান খেতি আৰম্ভ কৰাৰ প্ৰায় ৪ মাহৰ পাছতে উৎপাদিত ফচল দেখি আত্মহাৰা হৈ পৰিছে এইসকল চহা উদ্যমী যুৱক। প্ৰতি বিঘা কৃষি ভূমিত ৩ ৰ পৰা ৪ কুইণ্টল পৰ্যন্ত গোমধান উৎপাদন কৰিবলৈ সক্ষম হোৱা এইসকল কৰ্মঠ যুৱকৰ গোটটোৱে শেহতীয়া ভাবে সন্মুখীন হৈছিল গোমধানৰ গুটি উলিওৱা এক অত্যাধুনিক
মেচিনৰ অভাৱৰ।
ৰাজ্য চৰকাৰৰ কৃষি বিভাগকে ধৰি বিভিন্ন পক্ষৰে আলোচনা কৰি এনে যন্ত্ৰ ক্ৰয়ৰ বাবে নুন্যতম ২৫ হাজাৰ টকাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অৱগত হয় ।ধাৰাবাহিক ভাবে ঋতুকালীন কৃষি কৰ্ম সংস্কৃতি অব্যাহত ৰখা গোটটোৱে আংশিক লক ডাউনৰ জটিল সময়ত অৰ্থাভাৱৰ বাবে এনে মেচিন ক্ৰয়ৰ আশা ত্যাগী বিকল্প উদ্ভাৱনীৰ চিন্তা চৰ্চা অব্যাহত ৰাখে।এনে চিন্তাৰ ফলশ্ৰুতিতে গোটটোৱে এখন পৰিত্যক্ত চাইকেল সংগ্ৰহ কৰে আৰু যাবতীয় মেৰামতি কৰি নতুন শৈলীৰে সমগ্ৰ উৎপাদিত ফচলৰ গুটি উলিয়াবলৈ সক্ষম হয়।গোটৰ সম্পাদক শৈলেন দত্তই পৰিত্যক্ত চাইকেলখন উভতাই ৰাখি চেইনৰ সহায়ত পাছৰ চকা তীব্ৰ গতিত ঘূৰাই থকা অৱস্থাত
মূল গছৰ পৰা সংগ্ৰহ কৰি অনা গোমধান সমূহ দুজন ব্যক্তিয়ে দুই ফালৰ পৰা ঘূৰ্ণিয়মান চকাৰ “স্প’কত গোমধান সমূহ স্পৰ্শ কৰাই দিলে অনায়াসে গুটি সমূহ পৃথক হৈ পৰাত সহজ আৰু মিতব্যয়ী ব্যৱস্থা সংবাদ মাধ্যমক প্ৰদৰ্শন কৰে। পথাৰৰ পৰা ফৰকাল বতৰত সংগ্ৰহ কৰা গোমধান সমূহ ধাৰাবাহিক ভাবে এইসকল কৰ্মোদ্যমী যুৱকে এনে সহজ ভাবে গুটি উলিয়াবলৈ সক্ষম হোৱা পৰিলক্ষিত হল। শ্ৰম আৰু ধনৰ সীমিত ব্যৱহাৰেৰে ইস্পিত ফল লাভ কৰি উল্লাসিত যুৱক সকলৰ এই মিত্যব্যয়ী বিৰল উদ্ভাৱনী ধাৰণা অন্যান্য কৃষক সকলেও প্ৰয়োগ কৰি বহুলাংশে উপকৃত হোৱা দেখা গৈছে। গোটটোৰ সম্পাদক শৈলেন দত্তই জনোৱামতে উৎপাদিত গুমধানৰ ফচল প্ৰতি কেজিত নুন্যতম ২০ টকাকৈ আৰু প্ৰতি কুইণ্টলত ২হাজাৰ টকাকৈ বিক্ৰী কৰি প্ৰচুৰ ভাৱে লাভান্বিত হ`বলৈ সক্ষম হৈছে। ঘিলামৰাৰ চহা যুৱক সকলৰ এনে উদ্ভাৱনী সফলতা আৰু ফচল উৎপাদনশীলতা কৰ্মবিমুখ প্ৰজন্মৰ বাবে নিশ্চিতভাৱে প্ৰশংসনীয় আৰু অনুকৰণীয় হিচাপে ধৰা দিব।
খবৰ যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই ..

Leave A Reply

Your email address will not be published.