মুল্যবৃদ্ধি নিয়ন্ত্ৰণত মহকুমাধিপতি স্বপ্নীল পালৰ প্ৰচেষ্টাক শলাগ মন্ত্ৰী দাসৰ

0 222

অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিৎ‌ কুমাৰ দাস চৰকাৰী নিৰিখত খাদ্য সামগ্ৰী বিক্ৰীৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ৰঙিয়া মহকুমাৰ অন্তৰ্গত ডিমু-ডোবকৰ ব্যৱসায়ী সন্থাক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে, ক’ৰণা মহামাৰীৰ এই জটিল সন্ধিক্ষণত সান্ধ্য আইনৰ গইনা লৈ বহু অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা পৰিলক্ষিত হৈছে । কিন্তু ইয়াৰ বিপৰীতে ডিমু ডোবকৰ গেলামাল ব্যৱসায়ী সন্থাই ৰাইজৰ হিত চিন্তা কৰি চৰকাৰী নিৰিষত খাদ্য সামগ্ৰী বিক্ৰীৰ সিদ্ধান্ত লয়। তেখেত সকলৰ এই ইতিবাচক পদক্ষেপক আদৰণি জনোৱাৰ উদ্দেশ্যে আজি মন্ত্ৰী গৰাকীয়ে ডিমু ডোবক অঞ্চল ভ্ৰমণ কৰি তেখেত সকলক উৎসাহিত কৰাৰ বাবে এই সম্বৰ্ধনা জনায়। প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত এই সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত অসমৰ আন আন ব্যৱসায়ীকো এনে দুৰ্যোগৰ সময়ত নিজৰ মুনাফাৰ বাবে মুল্যবৃদ্ধি নকৰি সকলো ব্যৱসায়ীকে সাধাৰণ ৰাইজৰ হিতৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা ‌নিৰিখত সকলো সামগ্ৰী বিক্ৰী কৰিবলৈ তেখেতে আহ্বান জনায়।
লক্ষণীয় যে, মুল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ৰঙিয়া মহকুমা প্ৰশাসনে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সৈতে এটি টাস্ক ফ’ৰ্চ গঠন কৰি মহকুমাটোৰ সমূহ ব্যৱসায়ীক চৰকাৰৰ নিৰিখ মতে গেলামালৰ সামগ্ৰী বিক্ৰীৰ বাবে জনোৱা আহ্বানত পূৰ্ণ সহাৰি জনাইছে ব্যৱসায়িক সন্থা সমূহে। এই ক্ষেত্ৰত ৰঙিয়া মহকুমাৰ মাননীয় মহকুমাধিপতি স্বপ্নীল পালৰ প্ৰচেষ্টা আৰু উদ্যোগক আজি বিশেষ ভাৱে শলাগ লয়।
ডিমু পৰিদৰ্শন বাংলাত আজি পুৱা অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত কামৰূপৰ অতিৰিক্ত উপায়ুক্ত শ্ৰীযুত প্ৰণৱ গোস্বামী, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি শ্ৰীযুত স্বপ্নীল পাল, ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰীযুত চন্দন বৰগোহাঁই, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপসঞ্চালক ম: মতিনুৰ ৰহমান, ৰঙিয়া মহকুমা প্ৰশাসনৰ কেইবাখনো বিষয়া-কৰ্মচাৰী, ডিমু ডোবক ব্যৱসায়ী সন্থাৰ বিষয়ববীয়া সকল আৰু কিছু স্থানীয় ৰাইজ উপস্থিত থাকে। সম্বৰ্ধনা অনুষ্ঠানটিৰ আঁত ধৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক শ্ৰীযুত হৰগোবিন্দ দাসে ।
খবৰ যুগুতালে ৰঙিয়াৰ পৰা দিনেশ আগৰৱালাই,

Leave A Reply

Your email address will not be published.