অসমত অচিৰেই চলিব বন্দে ভাৰত এক্সপ্ৰেছ ৰেলসেৱা

0 147

দেশৰ সাধাৰণ বাজেত সদনত উপস্থাপন কৰাৰ পিছতে শুক্ৰবাৰে বিয়লি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে নৰ্থ ইষ্ট ৰেলৱেৰ সৈতে এখনি ভিডিঅ’ কনফাৰেঞ্চত অংশ লয় ৷উক্ত ভিডিঅ’ কনফাৰেঞ্চত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধক তথা লামডিং, আলিপুৰদুৱাৰ, ৰঙিয়া, তিনিচুকীয়া ৰেল মণ্ডলৰ প্ৰৱন্ধক সকল উপস্থিত থকাৰ লগতে স্থানীয় সাংবাদিক সকলেও অংশ লয় ৷

ভিডিঅ’ কনফাৰেঞ্চ খনিৰ আত ধৰি ৰেল মন্ত্ৰী গৰাকীয়ে জনাই যে বিগত দহ বছৰতকৈ এইবাৰ বহুগুণে বেছিকৈ ধন আবন্টন কৰিছে উত্তৰ পূৱৰ ৰাজ্য সমূহৰ ৰেল বিভাগলৈ ৷ ২০২৩-২৪ বিত্তীয় বৰ্ষত প্ৰায় ১০ হাজাৰ কোটি টকাৰো অধিক আৱন্টন কৰাৰ লগতে প্ৰায় ৫৯ টাকৈ নতুন আৰু পুৰণা ৰেলৱে ষ্টেচনক নতুন ৰূপ দিয়াৰ কথাও ঘোষণা কৰে৷

ইয়াৰোপৰি কেইবা খনো নতুন ৰেলসেৱা মুকলি কৰাৰ লগতে প্ৰতি খন ৰেলে নৰ্থ ইষ্টৰ সৈতে সংযোগ স্থাপন কৰিব ৷
সংবাদ মেলখনত পাহাৰীয়া অঞ্চল ডিমাহাচাও জিলাৰ উন্নয়নৰ লগতে অসম তথা লামডিং ডিভিজনৰ বাবে বাজেটত হৈছে নতুন নতুন পৰিকল্পনা লোৱাৰ কথা ঘোষণা কৰে লগতে অচিৰেই বন্দে ভাৰত এক্সপ্ৰেছ অসমত চলিব বুলি প্ৰৱন্ধক গৰাকীয়ে জনায়৷

Leave A Reply

Your email address will not be published.