জিএনআৰচি ছয়মাইলৰ ১৬সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0 150

উত্তৰ পূৰ্বাঞ্চলৰ ছুপাৰ স্পেচিয়েলিটি জিএনআৰচি হাস্পতালে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ ৰাইজলৈ নিৰবচ্ছিন্নভাবে চিকিৎসা সেৱা আগবঢ়াই অহা ছুপাৰ স্পেচিয়েলিটী চিকিৎসা প্ৰতিষ্ঠান জিএনআৰচিৰ ছয়মাইল শাখাই আজি সফলতাৰে ১৬তম বছৰত ভৰি দিলে। সেয়েহে ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ছয়মাইল চৌহদত আয়োজন কৰা হৈছে এক বিশেষ অনুষ্ঠানৰ ৷এই অনুষ্ঠানত অসমৰ সমাজ জীৱনলৈ উল্লেখনীয় অৱদান আগবঢ়াই অহা দুগৰাকী অগ্ৰণী ব্যক্তিক জিএনআৰচি পৰিয়ালৰ তৰফৰ পৰা সন্মান জনোৱা হয়। তেখেতসকল হ’ল- ব্ৰহ্মপুত্ৰ টেলি প্রভাকছনৰ মুখ্য পৰিচালন সঞ্চালিকা দ্বীপান্বিতা জয়ছোৱাল আৰু এন কে টিভিৰ কনছান্টিং এডিটৰ প্ৰণয় বৰদলৈ।

অনুষ্ঠানটিত উপস্থিত থাকি ব্যয়সাধ্য স্বাস্থ্য আঁচনি আৰু জিএনজআৰচি হাম্পতালৰ প্ৰতিষ্ঠাতা ডাঃ নোমল চন্দ্ৰ বৰাই কয় যে “সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ জিএনআৰচি যি উদ্দেশ্য,সেই উদেশ্য সাফল্যমণ্ডিত কৰি তোলাত ৰাইজৰ লগতে মোৰ সহকৰ্মী আৰু সংবাদ মাধ্যমৰ অৱদানৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ। সেয়েহে আমি জিএনআৰচিয়ে সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ উদ্দেশ্য সফল কৰিবলৈ আজিৰ এই প্ৰতিষ্ঠা দিৱসত প্ৰতিশ্ৰুতিবদ্ধ হৈছো৷

উপযুক্ত চিকিৎসা সেৱাৰ জৰিয়তে নিৰোগী সুস্থ-সবল সমাজ এখন আৰু অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী দেশ‌ গঢ়াৰ উদ্দেশ্য আগত‌ ৰাখি ২০১৭ চনত ব্যয়সাধ্য স্বাস্থ্য আঁচনিৰ সূচনা কৰা হৈছিল। এই অভিযানত স্বাস্থ্যমিত্ৰসকলে সকলোৰে ঘৰে‌ ঘৰে গৈ এইপৰ্যন্ত এক কোটিতকৈও অধিক লোকৰ জীৱন স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। এতিয়ালৈকে এই আঁচনিৰ অধীনত ১,৮৪,৯৪৪ জন ৰোগীক যাতায়াত আৰু চিকিৎসা সেৱা বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে। ২০১৪ চনতে শুভাৰম্ভ কৰা জৰুৰীকালীন তথা আঘাতপ্ৰাপ্ত আঁচনিৰ যোগেদি এতিয়ালৈকে ১৫,৮৬৯ জন ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। ২০১৮ চনৰ পৰা এতিয়ালৈকে জিএনআৰচি ছয়মাইলত মৃগীৰোগ সৰ্বসেৱা কেন্দ্ৰৰ যোগেদি ১৯,৬১০ জন ৰোগীক ভিডিঅ ইইজি, ২০০৮চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা ৫৯,৭১৫ জন ৰোগীক এম আৰ আই আৰু ৯৫,৫৩৯জন ৰোগীক ন্যূনতম ব্যয়ত চিকিৎসা প্ৰদান কৰা হৈছে।অটল অমৃত অভিযান আৰু আয়ুষ্মান ভাৰত অভিযান আঁচনিৰ যোগেদি এতিয়ালৈকে
৩২৩০ জন ৰোগীক জিএনআৰচি ছয়মাইলত চিকিৎসা প্ৰদান কৰা হৈছে।

জিএনআৰচি লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ আশীষ মালাকাৰে উপস্থিত ৰাইজক উদ্দেশ্যি আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে জিএনআৰচিৰ আঁচনিৰ সমূহৰ উদ্দেশ্য ব্যাখ্যা কৰে।

ৰোগীৰ বাবে আকাংক্ষিত ফলাফল লাভ কৰাৰ উদ্দেশ্যে জিএনআৰচি ছয়মাইলৰ কোৱালিটী বিভাগৰ তৰফৰ পৰা চিকিৎসাৰ গুণগত মান বজাই ৰখাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় হাস্পাতালৰ বাবে স্বীকৃত বৰ্ড আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰীয়ে (NABH) নিৰ্ধাৰিত কৰা নিৰ্দেশনাৱলীসমূহ নিয়মিতভাৱে পৰ্যবেক্ষণ কৰি থকা হয়। ইয়াৰ উপৰিও হাস্পতালৰ বাবে স্বীকৃত ব’ৰ্ড আৰু চিকিৎসা সেৱা প্ৰদানকাৰীৰ দ্বাৰা স্বীকৃত গুণগত মান আৰু উপাদান সমূহৰ লগত নিৰৱিচ্ছিন্ন একান্ত হৈ যোৱাৰ উদ্দেশ্য চিকিৎসালয়ৰ কৰ্মচাৰীসকলক নিয়মিত প্রশিক্ষণ দি অহা হৈছে। ৰোগীক উন্নতমানৰ যত্ন, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে চিকিৎসা সেৱা প্ৰদান কৰাই জিএনআৰচি ছয়মাইলৰ লক্ষ্য।

Leave A Reply

Your email address will not be published.