আমিনগাঁওত আয়োজিত হ’ল বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৩ সংখ্যক জন্ম জয়ন্তী

0 133

আজি ৰাজ্য চৰকাৰ কামৰূপ জিলা প্ৰশাসন আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত অমিনগাঁৱস্থিত চিলাৰায় উদ্যানত বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৩ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়। বীৰ গৰাকীৰ জন্ম জয়ন্তীৰ পবিত্ৰ ক্ষণত উদ্যানখনত থকা তেখেতৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণেৰে শ্ৰদ্ধা জ্ঞাপন কৰে ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, চিপাঝাৰ সমষ্টিৰ বিধায় ড০ পৰমানন্দ ৰাজবংশী, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়া, জিলা উপায়ুক্ত কীৰ্তি জল্লীকে ধৰি প্ৰশাসনৰ অন্যান্য বিষয়াৰ লগতে কোচ ৰাজবংশী সন্মিলনী তথা অন্যান্য সহযোগী দল-সংগঠনৰ বিষয়ববীয়া সকলে। ইয়াৰ পূৰ্বে এই উপলক্ষে এক বৰ্ণিল শোভাযাত্ৰাও উলিওৱা হয়।

ইয়াৰ পিছতে সদৌ অসম কোচ ৰাজবংশীৰ সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ন দেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বক্তব্য প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰখনে নৱ প্ৰজন্ম বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলক ৰাজ্যখনৰ ইতিহাসৰ বিষয়ে সজাগ আৰু সচেতন কৰাৰ দিশত যি পদক্ষেপ লৈ আছে তাৰ জৰিয়তে চিলাৰায়ৰ দৰে মহান বীৰৰ প্ৰকৃতাৰ্থত মূল্যায়ন হব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত বক্তব্য প্ৰদান কৰি বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে চিলাৰায়ৰ বীৰত্ব, পৰাক্ৰমৰ আদৰ্শৰে উদ্বুদ্ধ হৈ নৱ প্ৰজন্মই দেশ মাতৃৰ হকে সেৱা কৰাৰ বাবে আহ্বান জনায়।

অনুষ্ঠানত বিধায়ক ক্ৰমে ড০ পৰমানন্দ ৰাজবংশী, হেমাঙ্গ ঠাকুৰীয়া, কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়েও মহাবীৰ চিলাৰয়ৰ পৰাক্ৰম, বীৰত্ব, মানৱীয় প্ৰমূল্যবোধ আদি বিভিন্ন গুণৰাজিৰ বৰ্ণনাৰে বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত বাৰেৰহণীয় সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয়।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.