অসমীয়া শিপিনীৰ এক অভিলেখ

0 237

যুগ যুগ ধৰি শিল্প কলাই মানৱ সমাজক দৃষ্টি আকৰ্ষণ কৰি আহিছে। তেনে এক বিৰল প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে ধেমাজিৰ এগৰাকী শিপিনীয়ে। প্ৰাপ্ত খবৰ অনুসৰি ধেমাজিৰ জোনাইৰ জীনু বৰুৱা নামৰ শিপিনী গৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি সকলৰ প্ৰতিচ্ছবি, নাম, চন আৰু স্থানৰ সবিশেষ এখন কাপোৰত বৈ উলিয়াইছে। ৬৮ জন সভাপতিৰ ভিতৰত ইতিমধ্যে ১১ জন সভাপতিৰ সবিশেষ কাপোৰখনত সন্নিবিষ্ট কৰিছে। জানিব পৰা মতে ২০ জুনৰ পৰা জীনু বৰুৱাই এই কাম আৰম্ভ কৰিছে। ঊলেৰে কাপোৰখন বৈ উলিয়াইছে। তেখেতৰ আশা এই বছৰতে এই কামতো সম্পূৰ্ণ হৈ উঠিব। স্মৰ্তব্য যে ইতিপূৰ্বেও জীনু বৰুৱাই মহাপুৰুষ দুজনাৰ বৰগীত, ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি বৈ উলিয়াই বিশেষভাৱে চৰ্চা লাভ কৰিছিল। ধেমাজিৰ গৌৰৱ জীনু বৰুৱাক এই আপাহতে অলেখ শুভেচ্ছা জনালো।

Leave A Reply

Your email address will not be published.