তিনিটা বিশেষ খবৰ

0 254

উজনি অসমত সোণালী সূতাক এক উন্নত মানদণ্ড পৰ্য্যায়ত উন্নীত কৰিবলৈ চেষ্টা চলাইছে ৰুদ্ৰ সাগৰ চিল্ক লিমিটেডে। উদ্যমী দিলীপ বৰুৱাৰ প্ৰচেষ্টাত এই পদক্ষেপ গ্ৰহণ কৰিছে ৰুদ্ৰ সাগৰ চিল্ক লিমিটেডে। জানিব পৰা মতে দিলীপ বৰুৱাই চহা মুগা কিম্বা এৰি পালক সকলৰ ঘৰে ঘৰে গৈ মুগা, এৰি খোলা ক্ৰয় কৰিছে। যাৰ জৰিয়তে ডিমৌ অঞ্চলৰ শিপিনী সকল কাম কৰাৰ বাবে নকৈ উৎসাহিত হৈ উঠিছে। 

এই সম্পৰ্কে দিলীপ বৰুৱাই কয় যে আমাৰ শিপিনীসকলে হাতেৰে সূতা কটাৰ ফলত যট লাগে আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সূতাৰ মানদণ্ড নাথাকে। সেয়েহে সোণালী সূতাক ন ৰূপত গঢ় দিব বিচাৰিছো। আশাকৰো ইয়াৰ জৰিয়তে এক নতুন পৰ্য্যায় পাবলৈ সক্ষম হ’ম। উল্লেখযোগ্য যে বৰুৱাৰ ফেবিক প্লাছ নামৰ প্ৰতিষ্ঠানখনৰ বস্ত্র বিদেশতো সমাদৰ বাঢ়িছে।

আনহাতে আজি বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এখন সংবাদমেল আয়োজন কৰে। মন্ত্রীগৰাকীয়ে প্ৰণাম আঁচনিৰ সবিশেষ ব্যক্ত কৰি কয় যে কোনো বৃদ্ধ পিতৃ মাতৃয়ে যদি চৰকাৰী চাকৰিয়াল সন্তানৰ দ্বাৰা অৱজ্ঞাৰ সন্মুখীন হয়, তেনে পিতৃ মাতৃয়ে আবেদন দৰ্শালে চাকৰিয়াল সন্তানৰ দৰমহা দহ শতাংশৰ কৰ্তন কৰি পিতৃ মাতৃক দিয়া হ’ব। অৱশ্যে  ২ অক্টোবৰৰ পৰাহে এই আঁচনিখন কাৰ্য্যকৰী হ’ব।

ইফালে কালিৰে পৰা দুদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ’ব সপ্তম অসম ৰাজ্যিক চলচ্চিত্র মহোৎসৱ। সৰ্বমুঠ ২৯ টা বটাঁ এই মহোৎসৱত প্ৰদান কৰা হ’ব। আব্দুল মজিদ, বিজু ফুকন, ইন্দ্ৰ বনিয়া, বিজয় শংকৰ, জয়ন্ত হাজৰিকাৰ সোঁৱৰণত এটাকৈ মুঠ ৭ টা বটাঁ প্ৰদান কৰা হ’ব। বটাঁৰ ধনৰাশিৰ পৰিমাণ নুন্যতম ৫০ হাজাৰ পৰা সৰ্বোচ্চ ২ লাখ টকা। এই কথা সংবাদ মেল যোগে সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী নৱ কুমাৰ দলে ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.