অৰুণাচলৰ পৰ্যটন উদ্যোগত ন- সংযোজন

0 156

লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ তথা বান্দৰদেৱাৰ সমীপৰ তৰাজুলিত শুকুৰবাৰে গ্ৰীণ গল্ড নামৰ এখন বিলাসী ৰিৰ্জট আনুষ্ঠানিকভাবে মুকলি কৰা হয়।অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাউনা মেনে মুকলি কৰে এই ৰিৰ্জটখন।অৰুণাচল প্ৰদেশৰ অন্যতম এজন উদ্যোগী লিখা মাচে নিজৰ ৰবৰ বাগানৰ মধ্যাংশত আৰম্ভ কৰা গ্ৰীণ গল্ড নামৰ ৰিজৰ্টখনৰ উদ্ধোধনী অনুষ্ঠানত ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী চাউনা মেনৰ উপৰি উদ্যোগ মন্ত্ৰী টুমকে বাগৰা কৃষি মন্ত্ৰী টাগে টাকী শিক্ষা মন্ত্ৰী টাবা টাডিৰ বিধায়ক আৰু কেইবাগৰাকী লোক উপস্থিত থাকে।নিজৰ ভাষনত অসম-অৰুণাচল সীমান্ত অঞ্চলটোলৈ বিমান বন্দৰৰ পৰা পকী পথ আৰু খোৱাপানীৰ সকলো সমস্যা সমাধান কৰি অৰুণাচলৰ পৰ্যটন উদ্যোগলৈ নতুন দিশ কঢ়িয়াই অনাৰ কথা উল্লেখ কৰে উপ মুখ্যমন্ত্ৰী গৰাকীয়ে।তাৰোপৰি সীমান্ত অঞ্চলটো যাতে কোনো কাৰণতে বেদখলত পৰিব নোৱাৰে তাৰ অধিকাংশ কাম ৰবৰ বাগান ৰিজৰ্ট তথা মেগা ফুড পাৰ্কৰ স্বতাধিকাৰী লিখা মাচে নিজৰ ব্যৱসায়ৰ সীমাত পকী দেৱাল নিৰ্মান কৰি অঞ্চলটোত অৰুণাচলৰ সীমা গজগজীয়া কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।উল্লেখযোগ্য যে পথালি পাহাৰৰ দাঁতিতে থকা অসম চৰকাৰৰ দ্বাৰা আদৰ্শ গাঁও হিচাপে পূৰ্ব স্বীকৃত সীমান্ত প্ৰহৰী গাঁওখনৰ দাঁতিত লিখা মাচে নিৰ্মান কৰিবলৈ লোৱা বহু কোটি টকীয়া মেগা ফুড পাৰ্ক খনৰ নিৰ্মানৰ বাবে অৰুণাচলৰ এটা বৃহৎ পাহাৰ খহাই ব্যাপকভাবে নিৰ্মানৰ কাম কাজ লিখা মাচে অব্যাহত ৰাখিছে।তেওঁলোকৰ মতে এই মেগা ফুড পাৰ্কৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে তাত কেইবাহাজাৰ বিভিন্ন পদৰ সৃষ্টি হব য’ত অৰুণাচলৰ দৰেই অসমৰো বহু লোকে সংস্থাপন লাভ কৰিব।

ইফালে তৰাজুলিত থকা ৰবৰ বাগান আৰু উদ্ধোধন কৰা ৰিজৰ্ট খনতো অসমৰ স্থানীয় একাংশ লোকে সংস্থাপন লাভ কৰিছে।উল্লেখযোগ্য যে ফুড প্ৰচেচিং বিভাগৰ দায়িত্বত থাকোতে সাংসদ ৰামেশ্বৰ তেলীয়েও এই ফুড পাৰ্ক খন আবন্টনত সহায় আগবঢ়াইছে বুলি লিখা মাচে জানিবলৈ দিছে।তাৎপৰ্যপূৰ্ণ কথাটো হল যি সময়ত অৰুণাচল চৰকাৰে সীমান্ত অঞ্চলত কৃষি পৰ্যটন আদি ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ উদ্যোগ স্থাপন কৰাত উদ্যোগী সকললৈ পূৰ্ণ পৰ্যায়ৰ সহায় সহযোগিতা আগবঢ়াই সীমান্তত নিজ ৰাজ্যৰ সীমা গজগজীয়া কৰিব বিচাৰিছে সেই সময়ত অসম চৰকাৰৰ এনেবোৰ দিশত কোনো চিন্তা ভাবনা অথবা কোনো প্ৰচেষ্টা নথকা বিষয়টোৱে সচেতন মহলক ভবাই তুলিছে।এজন উদ্যোগীৰ বাবে অৰুণাচল চৰকাৰৰ এক চতুৰ্থাংশ মন্ত্ৰী বিধায়ক যি সময়ত ৰাজধানীৰ পৰা উঠি আহিছে সেই সময়ত অসম চৰকাৰ অথবা জিলা প্ৰশাসনৰ ভূমিকা দেখিলে বহুতৰে চৰকাৰখন আৰু ৰাজ্যৰ আমোলা বিষয়ালৈ পুতৌহে জন্মে বুলি অভিহিত হৈছে।থলুৱা খাদ্য নাইন ডি ভি আৰ গেমচ ঘোঁৰা চালনা ট্ৰেকিং চাইক্লিং চুইমিং পুললৈকে সকলো সুবিধাই উপলব্ধ হোৱা ৰিজৰ্ট খনে কেৱল অৰুণাচলৰ পৰাই নহয় সিংহভাগ ৰাজহ অসমৰ পৰাই লাভ কৰিব।এক দিকদৰ্শনকাৰী আৰু দূৰদৰ্শী চিন্তাৰে আগবঢ়া উদ্যোগী লিখা মাচৰ মেগা ফুড পাৰ্কখনৰ পৰা এক বৃহৎ সংখ্যক উদ্যান শস্যৰ খেতিয়ক পুৰামাত্ৰাই লাভান্বিত হোৱাৰ পূৰ্ণ সম্ভাবনা আহি পৰিছে।

Leave A Reply

Your email address will not be published.