জৈৱ বৈচিত্ৰ সংৰক্ষণ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতামূলক সভা

0 138

নদুৱাৰৰ অন্তৰ্গত ইটাখোলাৰ ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত আজি অনুষ্ঠিত হয় জৈৱ বৈচিত্ৰ সংৰক্ষণ ওপৰত এক গুৰুত্বপূৰ্ণ সজাগতামুলক সভা । জৈৱ বৈচিত্ৰ ক্ষেত্ৰ অধ্যয়নৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ মাজত সচেতনতা বৃদ্ধিৰ উদ্দেশ্য এই সজাগতামুলক অনুষ্ঠিত হয় ।সভাৰ আৰম্ভণিতেই অতিথিৰ চিনাকী পৰ্ব হয়। ইয়াৰ পাছত সমগ্ৰ কাৰ্যসুচীৰ উদ্দেশ্য ব্যাখ্যা কৰে ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক নাৰায়ন শৰ্মাই। ইক’ ইয়ুথ ক্লাৱৰ সৌজন্যত আয়োজন হোৱা এই সজাগতামুলক সভাৰ আতঁ ধৰে বিদ্যালয়ৰ শিক্ষক ৰাতুল হাজৰিকাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৱাইল্ড লাইফ গাৰ্জেনৰ সঞ্চালক মনিষ নয়াৰ আহমেদে ছাত্ৰ ছাত্ৰী সকলক প্ৰকৃতিৰ ভাৰসাম্যতা কেনেকৈ ৰক্ষা কৰিব পাৰি।আমি কিদৰে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ আছো সেই সন্দৰ্ভত মননশীল বক্তব্য আগবঢ়ায়। ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে গীত নৃত্য আৰু প্ৰদৰ্শন কৰে । অনুষ্ঠানৰ অন্তত বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সভাৰ সঞ্চালক মিন্টু কটকীয়ে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায়।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.