আজি ৰাজ্যজুৰি পালন হৈছে মে-ডাম-মে-ফি

0 267

আজি মে ডাম মে ফি । এই ইংৰাজ মেডাম মে ফি হ’ল টাই-আহোমসকলৰ এক ধৰ্মীয় তথা সামাজিক উৎসৱ।ইয়াৰ জৰিয়তে পূৰ্ব পুৰুষসকলক স্মৰণ কৰি আশীৰ্বাদ লোৱা আৰু সন্মান জনোৱা হয়।পূৰ্বপুৰুষসকলৰ পবিত্ৰ আত্মাৰ আশীৰ্বাদে পথাৰ জীপাল কৰে , দেশত সুখ সমৃদ্ধি বৃদ্ধি কৰে,লগতে শত্ৰুৰ সৈতে যুঁজিবলৈ মন তথা শৰীৰত শক্তি যোগায়।
মে-ডাম-মে-ফিৰ অৰ্থ হ’ল “মে “মানে প্ৰাৰ্থনা , ডাম মানে পূৰ্বপুৰুষ বা মৃতক আৰু “ফি” মানে হ’ল দেও বা দেৱতা৷ অন্যান্য পূজাৰ দৰে মে-ডাম-মে-ফি পালনৰ বাবেও এখন পূজাবিধি আছে যাক আহোম ভাষা বা টাই ভাষাত “খেক্-লাই বুলি জনা যায় ।
প্ৰচলিত বিশ্বাস অনুসৰি এই পূজাবিধিখন অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম-মুন্-ম-মাই দেওধায়ে৷ বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পূজাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ-ফী (মন্দিৰ) সাজে আৰু ইয়াত আঠখন শৰাই সজাই তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘ফী’ক উপাসনা কৰে আৰু সন্মান আগবঢ়ায় ৷ এই পূজাত ফু-ৰা-তা-ৰা-আ-নং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়৷ এই পূজা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়াডাঙৰীয়াৰ থানত৷
ৰাজহুৱাভাৱে আয়োজিত এই মে-ডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পূজা আয়োজন কৰে৷ ঘৰুৱাভাৱে আয়োজিত এই পূজাৰ স্থান ৰান্ধনীঘৰৰ দাম খুটাৰ কাষত বাচনি কৰা হয় আৰু পাঁচখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়৷আজিৰ এই পবিত্ৰ দিনটোত সকলোলৈ মে ডাম মে ফিৰ শুভকামনা জনালো।

Leave A Reply

Your email address will not be published.