আন্তৰ্জাতিক দিব্যাঙ্গ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী

0 280

দিব্যাঙ্গসকলৰ অধিকাৰ তথা কল্যাণৰ অৰ্থে জনসাধাৰণৰক সজাগ আৰু সচেতন কৰা উদ্দেশ্যে সমগ্ৰ বিশ্বজুৰি পালন কৰি অহা আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস আজি অসমতো পালন কৰা হয়।এই উপলক্ষে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে এলিমকো আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আমিনগাঁৱস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।দিব্যাঙ্গসকলৰ সৰ্বোতোপ্ৰকাৰৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে বদ্ধপৰিকৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস উদযাপনে আমাৰ আন্তৰিকতা আৰু কৃতজ্ঞতা জ্ঞাপনৰ এক সুযোগ প্ৰধান কৰে।এই দিৱস উদযাপনে বিশেষ ভাৱে সক্ষম লোক সকলৰ প্ৰয়োজনীয়তা প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত প্ৰভূত সহায় কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে গুৱাহাটীৰ কাহিলীপাৰাস্থিত ভাউৰী দেৱী চেৰাওগী বাধিৰ বিদ্যালয় আৰু দৃষ্টিহীন সকলৰ বাবে বশিষ্ঠস্থিত বিদ্যালয় খন উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।তদুপৰি বিশেষ ভাৱে সক্ষম লোকসকলৰ সুবিধা বাবে ভাৰতীয় সাংকেতিক ভাষা(ছাইন লেংগুবেজ)ৰ আৰ্হিত অসমীয়া সাংকেতিক ভাষাও প্ৰস্তুত কৰা হ’ব বুলিও তেওঁ কয়।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে বিশেষ ভাৱে সক্ষম লোকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে চাকৰি আৰু অন্যান্য শিক্ষানুষ্ঠান সমূহত এনে লোকৰ সংৰক্ষিত আসনৰ সংখ্যা ৪ শতাংশলৈ বৃদ্ধি কৰিছে।তেওঁ লগতে উল্লেখ কৰে যে বিশেষ ভাৱে সক্ষম লোকসকলৰ আৰ্থ সামাজিক তথা শৈক্ষিক সৱলীকৰণ দ্ৰুততাৰে যাতে সম্ভৱ হৈ উঠে সেই উদ্দেশ্যে সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয় নামেৰে এক সুকীয়া সঞ্চালকালয় গঠন কৰা হৈছে।সমাজৰ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে দিব্যাঙ্গ শব্দটো প্ৰচলন কৰা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ইয়ে বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতি সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত এক ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।
আজি এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে হুইল চেয়াৰ আগবঢ়াই।তেওঁ কয় যে ২০২২ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত ৰাজ্য চৰকাৰে চলাচল বাবে অসমৰ্থ ৰাজ্য খনৰ সকলো লোকলৈ হুইল চেয়াৰ আৰু তিনিচকীয়া ৰিক্সা প্ৰদান কৰিব।দিব্যাঙ্গসকলৰ বাবে বিশেষ নিয়োগ অভিযান আৰম্ভ কৰা বাবে ৰাজ্য চৰকাৰে বিচাৰ বিবেচনা কৰি আছে বুলিও কয়।অনুষ্ঠানত ভাষণ প্ৰদান কৰি অজন্তা নেওগে কয় যে বিশেষভাৱে সক্ষম লোকসকলে যাতে মৰ্য্যদা সহকাৰে জীৱন নিৰ্বাহ কৰিব পাৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে কেইবালানিও পদক্ষেপ গ্ৰহণ কৰিছে।মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানত সমাজ কল্যাণ বিভাগে এই দিশত লোৱা বিভিন্ন আঁচনি সমূহৰ চমু বিৱৰণ দাঙি ধৰি আঁচনি সমূহ সফল ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য খনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সহায় সহযোগিতা কামনা কৰে।
অনুষ্ঠানত কমলপূৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা,বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস,সুমন হৰিপ্ৰিয়া,হেমাংগ ঠাকুৰীয়া,প্ৰদীপ ঠাকুৰীয়া,বিভিন্ন সংগঠনৰ প্ৰতিনিধি সকল,সমাজ কল্যান সঞ্চালকালয় সঞ্চালক বিভাষ মোদী প্ৰমুখ্যে গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.