দক্ষতা বিকাশ আৰু মহিলা সৱলীকৰণৰ বাবে আৰণ্যকৰ Community Tailoring Centre উদ্বোধন

0 376

জীৱবৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টা ফলপ্ৰসু হ’বলৈ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ অনস্বীকাৰ্য।মহিলাসকলে এই ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব পাৰে।এই উদ্দেশ্যেৰে উত্তৰ-পূৱ ভাৰতৰ জৈৱবৈচিত্ৰ্য সংৰক্ষণ মূলক সংগঠন আৰণ্যকে বহনক্ষম জীৱিকা আৰু দক্ষতা বিকাশৰ বাবে কাৰ্বি মহিলা গোটৰ সৈতে একত্ৰিত ভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে।এই প্ৰচেষ্টা অংশ হিচাপে কাজিৰঙা কহৰাস্থিত চন্দ্ৰচিং ৰংপি গাঁৱত এটা community Tailoring centre উদ্বোধন কৰি টেইলাৰিং,চিলাই আৰু কাটিংৰ আগ্ৰহী স্থানীয় মহিলা গোটবোৰক যোৱা ১ ডিচেম্বৰত এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয়।প্ৰশিক্ষণ কেন্দ্ৰটোত তিনিটা চিলাই মেচিনো প্ৰদান কৰা হয়।প্ৰশিক্ষণ কেন্দ্ৰটোৰ উদ্দেশ্য হৈছে স্থানীয় সম্প্ৰদায়ৰ Craftsmanship বৃদ্ধি কৰা আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ জীৱিকা উন্নত কৰা,সৱলীকৰণ আৰু আত্মনির্ভৰতাৰ দিশত সমৰ্থন প্ৰদান কৰা।
উদ্বোধনী কাৰ্যসূচী মুঠ ৩১ গৰাকী সম্প্ৰদায়ৰ সদস্য উপস্থিত আছিল।প্ৰশিক্ষণ কাৰ্যসূচী প্ৰাৰম্ভিক পৰ্যায়ত,সাত গৰাকী মহিলাক প্ৰশিক্ষণ বাবে বাছনি কৰা হৈছিল আৰু পিছত ২৩ গৰাকী মহিলাই community Tailoring centreত পৰৱৰ্তী প্ৰশিক্ষণ কাৰ্যসূচী বাবে আগতীয়াকৈ তেওঁলোকৰ নাম তালিকাভুক্ত কৰিছিল।স্থানীয় উদ্যোগী মহিলা কাৰেং ৰং পিপিয়ে কেন্দ্ৰ উদ্বোধন কৰা প্ৰশিক্ষণ অনুষ্ঠানটো পৰিচালনা কৰে অঞ্জনা ৰংফাৰ্ণীয়ে।অনুষ্ঠানটোত স্থানীয় বিদ্যালয় শিক্ষক তথা সাংবাদিক স্বপন নাথে অংশগ্ৰহণ কৰি আত্ম সৱলীকৰণৰ লগত প্ৰশিক্ষণৰ সুযোগ সুবিধা যথোচিত ব্যৱহাৰৰ সম্পৰ্কত ধাৰণা দিয়ে।আনহাতে আৰণ্যকৰ ক্ষেত্ৰ বিষয়া চাৰলংজন টেৰনে অঞ্চলটোত দক্ষতা বিকাশ, প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা আৰু মহিলা সৱলীকৰণ সম্পৰ্কীত সাৱলীল বক্তব্য আগবঢ়ায়।
প্ৰশিক্ষাৰ্থী বিউটি টিচপিয়ে কয় যে এই প্ৰশিক্ষণ কেন্দ্ৰটো তেওঁলোকৰ শিকাৰ বাবে এক ডাঙৰ সুযোগ, যি তেওঁলোকৰ দক্ষতা বৃদ্ধিত সহায়ক হ’ব বুলি দৃঢ়তাৰে কয়।টিচপিয়ে এই সুবিধা প্ৰদান বাবে আয়োজকক কৃতজ্ঞতা জনায়।আৰণ্যকৰ হৈ সৌৰভ গুপ্তা, অৰিজিত দত্ত ,অবিনাশ ফাংচেং,ৰোৱেল এংটি আৰু ৰাতুল দাসে এই কাৰ্যসূচী সমন্বয় সাধন কৰে।আৰণ্যকে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ US Fish and wildlife service আৰু Disney conservation Fund ৰ দ্বাৰা সমৰ্থিত ইয়াৰ সম্প্ৰদায় আধাৰিত প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা কাৰ্যসূচী জৰিয়তে বহনক্ষম জীৱিকাৰ বাবে কহৰা নদী অৱবাহিকাৰ গাঁৱত বাস কৰা সম্প্ৰদায়ৰবোৰক সমৰ্থন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

Leave A Reply

Your email address will not be published.