আমাৰ ঘৰ বৃদ্ধাবাসত এন চি চি কেডেটৰ সমাজসেৱা

0 213

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) গুৱাহাটীস্থিত গ্ৰুপ কাৰ্যালয়ৰ অধীনৰ ৩০ আসাম কোম্পানীৰ উদ্যোগত আজি পাথৰকুৱাৰীস্থিত “‘আমাৰ ঘৰ ” বৃদ্ধাবাসত এক সমাজ সেৱা মূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এন চি চি ৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ জে চি তালুকদাৰৰ তত্বাৱধানত আয়োজিত কাৰ্যসূচীত কেডেটৰ দলটোৱে বৃদ্ধাবাসৰ আবাসী সকলৰ সহায়ক হোৱাকৈ তাত চাহ আৰু কফি আদি প্ৰস্তুত কৰা টেবুল স্থাপন ,বিশুদ্ধ খোৱা পানীৰ বাবে একুৱা গাৰ্ড স্থাপন , ইলেক্ট্ৰিক কেটলি , ইলেকট্ৰিক কেটলী স্থাপন কৰি দিয়ে । কাৰ্যসূচীত ৩০ আসাম কোম্পানী এন চি চি ৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল পৱন কুমাৰ , বৃদ্ধাবাস পৰিচালনা কমিটিৰ অপৰাজিতা দত্ত , বিশ্ব দত্ত , যুগব্ৰত দত্ত , দিলীপ কুমাৰ দত্ত চৌধুৰী উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.