নাজিৰাত নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক উপস্থিত

0 257

নাজিৰা নিৰ্বাচনী জিলাৰ অধীনস্থ ১০৪ নং নাজিৰা বিধানসভাৰ বাবে নিয়োজিত নিৰ্বাচন ব্যয় পৰ্যবেক্ষক ২০০৯ বর্ষৰ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া আৰ এ প্ৰবীন কুমাৰ আজি পুৱাই নাজিৰাত উপস্থিত হৈ জিলা নির্বাচন বিষয়া লখিমী দত্তকে প্ৰমুখ্য কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ কাম-কাজ সুচাৰুভাৱে সম্পন্ন কৰাৰ বাবে ইতিমধ্যে গঠন কৰা নির্বাচনী কোষ সমূহৰ বিষয়-ববীয়াৰ সৈতে এক বৈঠকত মিলিত হয়। তেওঁ বৈঠকত নিৰ্বাচনী কোষসমূহৰ কাম-কাজৰ বিষয়ে বুজ লোৱাৰ লগতে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।
আগন্তুক বিধান সভা নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচনী ব্যয়, নিৰ্বাচনী আচৰণ বিধি, ফ্লাইং স্কোৱাড, ভি ভি টি, ভি এছ টি, এছ এছ টি, মিডিয়া চাৰ্টিফিকেচন আৰু মনিটৰিং কমিটীকে ধৰি অন্যান্য কোষ সমূহৰ দায়িত্বত থকা বিষয়া সকলৰ নিয়ম নীতি সমূহ পৰ্যবেক্ষক গৰাকীয়ে আলোচনা কৰে। এই সন্দৰ্ভত পৰ্যবেক্ষক গৰাকীয়ে নাজিৰাত কেনেকৈ নিকা অাৰু আউল নলগাকৈ সমাগত বিধান সভা নিৰ্বাচন সমাপন কৰিব পাৰি তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰে আৰু নিৰ্বাচনী আয়োগে জাৰি কৰা ৰাজনৈতিক দল আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সকলে নিৰ্বাচনী কাম কাজত ব্যয় কৰা ধনৰ খৰচৰ প্ৰতি তীক্ষ্ণ দৃষ্টিৰ ৰাখিবলৈ বিষয়া সকলক আহ্বান জনায়। জিলা নিৰ্বাচনী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই এই পৰিপ্ৰেক্ষিতত কয় – ইতিমধ্যে সংশ্লিষ্ট বিষয়া সকলক নিজ নিজ কোষৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰিও নিৰ্বাচনী কাম কাজ নিয়াৰিকৈ তথা সুকলমে চলাই থকা হৈছে। নাজিৰা নিৰ্বাচনী জিলাৰ পৰা এইবাৰ ৫ টা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ আৰু ৫টা আদৰ্শ মহিলা ভোট গ্ৰহণ কেন্দ্ৰৰ স্থাপন কৰাৰ প্ৰস্তুতি চলিছে। চূড়ান্ত ভোটাৰ তালিকাত থকা ভোটাৰৰ সংখ্যা হৈছে ১,৩১,০৭৭, ইয়াৰে ৬৬০৩৭ পুৰুষ আৰু ৬৫০৪০ মহিলা ভোটাৰ। ইয়াৰ উপৰিও জিলা নিৰ্বাচনী বিষয়া লখিমী দত্তই এইবাৰৰ নিৰ্বাচনৰ প্ৰতীক- পট খাৰুৱা কাই আৰু ক’ৰনা বাইৰ কথা বৰ্ণনা কৰি বিভিন্ন সজাগতামূলক পদক্ষেপ সমূহৰ বিষয়ে পৰ্যবেক্ষক গৰাকীক অৱগত কৰে। সভাত জিলা নিৰ্বাচন বিষয়া লখিমী দত্তকে ধৰি মহকুমাৰ আৰক্ষী বিষয়া, সহকাৰী আয়ুক্ত বিষয়া, কৰ বিভাগৰ বিষয়াৰ উপৰিও তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া উপস্থিত থাকে । অৱশেষত লখিমী দত্তই এইবাৰ নিৰ্বাচনত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে।
খবৰ যুগুতালে নাজিৰাৰ পৰা দিলিপ শইকীয়াই..

Leave A Reply

Your email address will not be published.