আম্ফানে অসমক তচনচ কৰিব নেকি?বতৰ বিজ্ঞানীয়ে কি কয়

0 261

কিনকিনীয়া বৰষুণ আৰু গোমা বতৰে কি সুচাইছে? এয়া দুৰ্যোগৰ আগজাননী নেকি? কিয়নো মাত্ৰ কেইঘণ্টা মানৰ আগতে কলিকতাৰ বিমান বন্দৰ আম্ফানে তচনচ কৰিলে। যাৰ ফলত বিমান বন্দৰটো ভাঙি চিঙি চুৰমাৰ হোৱাৰ লগতে পানীত ডুব যোৱা দেখা গৈছে। উল্লেখযোগ্য যে প্ৰায় একসপ্তাহ মান আগৰ পৰাই এই ঘুৰ্ণি বতাহজাকে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে উৰিষ্যা, বাংগালোৰ, ভুৱনেশ্বৰ, কলিকতাক স্পৰ্শ কৰাৰ লগতে উত্তৰ পূৱলৈ ধাৱমান হোৱা দেখা গৈছে।
 
 
অৱশ্যে আম্ফান ঘুৰ্ণি বতাহৰ প্ৰভাৱ অসম তথা উত্তৰ পূৱত গতিবেগৰ তীব্ৰতা কম পৰিমাণে হ’ব বুলি বিজ্ঞানীমহলে প্ৰকাশ কৰিছে।আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এগৰাকী বিজ্ঞানীয়ে জনোৱা মতে শংকাৰ কোনো কাৰণ নাই। অসমৰ নামনি অসমৰ জিলা কেইখনত বতাহৰ লগতে মুষলধাৰে বৰষুণৰ হ’ব। 
 
 
ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা এখন জাননীৰ পিছতে তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। দুৰ্যোগ প্ৰশমন বিভাগক সষ্টম কৰি তোলা হৈছে। ইয়াৰ উপৰিও নদীত মাছ মাৰিবলৈ যোৱা মাছমৰীয়া সকলক নদীলৈ যোৱাৰ বাবে বাধা আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও ভুমিস্খলন হোৱা সাম্ভাৱ্য স্থানৰ পৰা নিলগত থাকিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.