দিহিং পাটকাইৰ সম্পৰ্কে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

0 212

বৰ্তমান সময়ত ৰাজ্যৰ সৰ্বত্ৰে এটা চৰ্চিত বিষয় হৈ পৰিছে দিহিং পাটকাই। লকডাউনৰ ফলস্বৰূপে যদিও কোনো বাহিৰত ওলাই আহিব পৰা নাই তথাপি সকলোৱে নিজৰ নিজৰ ঘৰৰ পৰাই দিহিং পাটকাইক ৰক্ষা কৰিবৰ বাবে অহৰ্নিশে চলাই গৈছে এক ডিজিটেল আন্দোলন। এই ডিজিটেল আন্দোলনত বিভিন্ন বিদ্যালয় তথা মহাবিদ্যালয়ৰ লগতে কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও আগভাগ লৈছে।
 
 
 
কিছুদিন ধৰি দিহিং পাটকাইত কেন্দ্ৰীয় চৰকাৰে কয়লা খননৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা এতিয়া সকলোৱে কৰিছে। অৰণ্য মানৱ যাদৱ পায়েঙ সহিতে বিভিন্ন প্ৰান্তৰ লোকসকলেও চলাই গৈছে আন্দোলন।
 
 
ৰাজ্যৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাইক ৰক্ষা কৰাৰ এক ডিজিটেল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দিহিং পাটকাইৰ সন্দৰ্ভত এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
 
 
 
সৰ্বানন্দ সোণোৱালে আজি এক টুইটৰ জৰিয়তে দিহিং পাটকাই বৰ্ষাৰণ্যলৈ যোৱাৰ বাবে নিৰ্দেশ দিছে ৰাজ্যিক বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক।মুখ্যমন্ত্ৰী সবানন্দ সোণোৱালে এক টুইট যোগে আজি কয় যে অসমৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰ সদায়েই দায়ৱদ্ধ। সেয়েহে দিহিং পাটকাইলৈ গৈ বৰ্তমানৰ সমগ্ৰ পৰিৱেশ তথা পৰিস্থিতি বুজ লোৱাৰ নিৰ্দেশ দিয়ে ৰাজ্যিক বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক।

Leave A Reply

Your email address will not be published.