আশাৰে অসম বুক অফ ৰেকৰ্ডত নাম খোদিত কৰিলে ঢকুৱাখনাৰ লোকপ্ৰিয়াই

0 325

সৃষ্টিশীল চিন্তা চেতনা কিম্বা উদ্যমীতা থাকিলে কোনো প্ৰতিকূল পৰিবেশ পৰিস্থিতিয়ে উদ্ভাৱনী প্রতিভা বিকশিত হোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অতি ভিতৰুৱা সোনাৰী চাপৰিৰ কেঁকুৰী মধুপুৰ গাঁওৰ এগৰাকী প্ৰতিভাধৰে তাকেই জন দৃষ্টিত প্ৰতিষ্ঠা কৰি দেখুৱালে। কেঁকুৰী মধুপুৰ গাঁওৰ চহা দিব্য খনিকৰ আৰু পুণ্যৱতী খনিকৰৰ একমাত্ৰ কন্যা সন্তান লোকপ্ৰিয়া খনিকৰে (১৯) নিজৰ ব্যতিক্ৰমী সৃষ্টিৰাজিৰে অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে। সাম্প্ৰতিক ক`ভিড সৃষ্ট আংশিক লক ডাউন আৰু সান্ধ্য আইনৰ বাবে আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ পৰা বিৰত হৈ ঘৰত কটাইছিল প্ৰতিভাধৰ লোকপ্ৰিয়াই। এক ঘেয়ামী জীৱন যাত্ৰাই বিতুষ্ট কৰি তোলা গৃহ আবদ্ধ লোকপ্ৰিয়াই মন বান্ধিছিল এই দুঃসময়ক সঠিক আৰু সুব্যৱহাৰ কৰি ব্যতিক্ৰমী উদ্ভাৱনেৰে আত্মপ্ৰতিষ্ঠাৰ । তাৰেই লক্ষ্যৰে বিগত প্ৰায় এমাহ ধৰি নিমগ্ন হৈছিল এটা বাক্যৰে এটা গল্প সৃষ্টি কৰি এখন গল্প পুথি প্ৰকাশত। সেই অনুসাৰে নিৰলস সাধনা আৰু কৰ্ষণৰ ফলশ্ৰুতিত মুঠ ৪০ টা অনু গল্প ৰচনা কৰি আহ্লাদিত হৈছিল লোকপ্ৰিয়া। পৰৱৰ্তী সময়ত এখন মাত্ৰ ২ইঞ্চি দীঘল আৰু ডেৰ ইঞ্চি বহল মুঠ ৪৬ পৃষ্ঠাৰ অনুগল্প সংকলন পুথিখনত এই ৪০টা গল্প সন্নিবিষ্ট কৰি “আশা” নামাংকনেৰে “অসম বুক অফ ৰেকৰ্ড”ৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছিল। অসম বুক অফ ৰেকৰ্ড কর্তৃপক্ষই খুব সূক্ষ্ম বিশ্লেষণ কৰি অতন্ত্য অগতানুগতিক আৰু সৰ্বদিশত ব্যতিক্ৰমী গল্প পুথিখনলৈ আনুষ্ঠানিক স্বীকৃতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি বৃহস্পতি বাৰে নিশা এ বি আৰ কৰ্তৃপক্ষই নিজা সামাজিক মাধ্যম পৃষ্ঠাত লোকপ্ৰিয়াৰ এই দৃষ্টি আকৰ্ষণকাৰী সৃষ্টিৰ আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰাৰ কথা ঘোষণা কৰে। তাৰোপৰি লোকপ্ৰিয়াক কৰ্তৃপক্ষই ব্যক্তিগত ভাবে এই শুভ সংবাদ জনাই সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ বাবে অনুষ্ঠানিকতাৰ পৰিবৰ্তে ডাক যোগে লোকপ্ৰিয়ালৈ “অসম বুক অফ ৰেকৰ্ড”কৰ্তৃপক্ষই স্বীকৃতি পত্ৰ, মানপত্ৰ , স্মাৰক আৰু অন্যান্য প্ৰমাণ পত্ৰ শীঘ্ৰে প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে। ঢকুৱাখনা মহকুমাৰ অতি ভিতৰুৱা কেঁকুৰী মধুপুৰ অঞ্চলৰ এই গৰাকী প্ৰতিভা সম্পন্ন কিশোৰীয়ে এক সুকীয়া সৃষ্টিৰে ৰাজ্যিক স্তৰত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা বাতৰিয়ে স্বাভাৱিকতে উৎসাহিত আৰু উৎফুল্লিত কৰি তুলিছে পিতৃ মাতৃ আৰু আত্মীয় স্বজনক। শিৱসাগৰ জিলাৰ জয়সাগৰ মহাবিদ্যালয়ৰ স্নাতক কলা শাখাৰ ইংৰাজী বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী লোকপ্ৰিয়াই ইতিপূৰ্বে কাব্য সাহিত্য , সংগীত ,লোক নৃত্য আদি সকলো ক্ষেত্ৰতে শ্ৰেষ্ঠত্বৰ পৰিচয় দাঙি ধৰি অঞ্চলটোলৈ মেটমৰা গৌৰৱ কঢ়িয়াই আনিছে। শেহতীয়াকৈ লোকপ্ৰিয়াই অসম বুক অফ ৰেকৰ্ডৰ পৃষ্ঠাত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱাত শুভাকাংক্ষী ,গুণগ্ৰাহীয়ে শুভেচ্ছা ,অভিনন্দনেৰে ওপচাই পেলাইছে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.