পিতৃ-মাতৃ হীন চাৰিটি শিশুৱে মাকুমস্থিত কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহতেই জীৱনৰ আদি পাঠ আৰম্ভ কৰিছিল। পিতৃ-মাতৃৰ হেৰুৱা মৰম আৰু ভালপোৱাবোৰ এই শিশুগৃহৰ বুকুতেই বিচাৰি পাইছিল । প্ৰায় চাৰিটা বছৰ শিশুগৃহত থাকোতেই মনিকা, অভিক, ৰাণী আৰু ৰশ্মিক হেৰুৱা পিতৃ- মাতৃৰ স্নেহ প্ৰদান কৰিবলৈ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ইউৰোপৰ মাল্টা নামৰ ঠাই খনৰ পৰা ডৰিলি ভীলা, এলটন ভীলা আৰু কাউডিয়েন মাইচিলি নামৰ দুটা পৰিয়াল আগবাঢ়ি আহিল। দত্তক গ্ৰহণৰ সকলো যাবতীয় কাম সম্পন্ন কৰি তেওঁলোক তিনিচুকীয়াত উপনীত হৈ গংগাবাৰীস্থিত কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহতে ভৰি দিয়েহি। শিশুগৃহৰ সকলোৱে এই বিদেশী তিনিগৰাকী অতিথিক উষ্ণ আদৰণি জনোৱাৰ লগতে অসমীয়া জা-জলপানেৰে আপ্যায়ন কৰে। শিশুগৃহৰ তৰপৰ পৰা সভাপতি প্ৰেমেন্দ্ৰ শৰ্মা, উপসভাপতি ললিত গগৈ, সমাজকৰ্মী তথা শিশুগৃহৰ উপদেষ্টা নাৰায়ণ বাহেতীয়ে ফুলাম গামোছাৰে আদৰণি জনায় । ইয়াৰ উপৰিও শিশুগৃহৰ অধীক্ষক প্ৰিয়ংকা শৰ্মা, সম্পাদক অখিল চন্দ্ৰ বৰুৱা, সূৰ্যোদয়ৰ সভাপতি ৰণজিৎ দত্ত, ননী গোপাল দত্ত, দিলীপ কাকতি, ৰূপম দাস, বৰষা বৰঠাকুৰ, ময়ূৰী বাগ, মুকুন্দ বৰা, আদি সকলোৱে আদৰণি জনাইছে । কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহতে ডাঙৰ হোৱা মণিকা, অভিক, ৰাণী আৰু ৰশ্মীক এক আবেগিক মূহুৰ্ত্তৰ মাজেৰে সকলোৱে বিদায় জনায় । শিশুগৃহৰ কৰ্তৃপক্ষৰ লগতে আন সহযোগী শিশু সকলেও উচুপি উঠিছিল বিদায়ৰ বিয়লি বেলাত। ৰাজ্যখনৰ চাৰিটা শিশুৱে আজি দেশ এৰি যাবলৈ লোৱা এই কাৰ্যসূচীটি তিনিচুকীয়া জিলা পৰিষদৰ কাৰ্যালয়ত আদৰ নামৰ সংস্হাটিৰ সৌজন্যত আৰু কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহৰ সহযোগত আনুষ্ঠানিক আন্তৰাষ্ট্ৰীয় দত্তক (Adoption) গ্ৰহণ অনুষ্ঠানটিত সম্পন্ন হয়। জিলা উন্নয়ন আয়ুক্ত নয়ন জ্যোতি সভাপণ্ডিত, সহ আয়ুক্ত অপৰূপা বৰগোহাঁই, নিলাক্ষী ভূঞা, জিলা শিশু সুৰক্ষা গোটৰ বিষয়া ৰিজুৱানা তাচমিন হাজৰিকা, জিলা শিশুসুৰক্ষা সমিতিৰ অধ্যক্ষ ভৱানন্দ গোহাঁই, শিশুগৃহৰ সম্পাদক অখিল চন্দ্ৰ বৰুৱাৰ লগতে আদৰৰ সভাপতি ইজৰাইল নন্দই আনুষ্ঠানিক বিদায় অনুষ্ঠানটিত বক্তব্য আগবঢ়াই সমগ্ৰ ৰাজ্যখনৰ বাবে ই এক আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি অভিহিত কৰে। ইতিমধ্যে চাৰিটি শিশুৱে দিল্লী হৈ পেৰিছ আৰু তাৰপৰা মাল্টা লৈ যোৱাৰ পথত ভৰি দিছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram