গৃহ বিভাগৰ বৃহৎ সফলতা-এছ আই কেলেংকাৰীৰ মূল নায়কক গ্ৰেপ্তাৰ

0 271

কথা মতেই কাম। দুৰ্নীতিক আপোচ নকৰা চৰকাৰ খনে এ পি এছ চি কেলেংকাৰীক ৰোধ কৰাৰ পিছত এছ আই নিযুক্তিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিক ৰোধ কৰিবলৈ সস্তম হৈ পৰিছে।এছ আই নিযুক্তি মূল নায়ক পি কে দত্তক আজি ভাৰত নেপাল সীমান্তৰ কাকৰভিটাৰ পৰা পশ্চিমবংগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
 
 
জানিব পৰা মতে জোঁৱায়েকৰ সৈতে অসমলৈ আহি থকা অৱস্থাত পি কে দত্তক গ্ৰেপ্তাৰ কৰিছে। অসম আৰক্ষী এটা দলে পি কে দত্তক আনিবলৈ ইতিমধ্যে ৰাওনা হৈছে।
 
 
উল্লেখযোগ্য যে এছ আই নিযুক্তি ক্ষেত্ৰত হোৱা দুৰ্নীতিক ক্ষিপ্ৰ তদন্তৰ ব্যৱস্থা কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিপূৰ্বে নিৰ্দেশ জাৰি কৰিছিল। এয়া আৰক্ষী প্ৰশাসনৰ বিশেষ সফলতা বুলি সচেতন মহলে মন্তব্য কৰিছে।

Leave A Reply

Your email address will not be published.