শিৱসাগৰত মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহন আঁচনিৰ অধীনত লঘু যান বাহন প্ৰদান

0 313

গ্ৰাম্যাঞ্চলৰ সুচল যাতায়ত আৰু নিবনুৱা যুৱক যুৱতীক স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে সমগ্র ৰাজ্যতে গ্ৰহণ কৰা “মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহন আঁচনি”ৰ অধীনত লঘু যান-বাহন প্ৰদানৰ কাৰ্যসূচীৰ কালি শিৱসাগৰ জিলাত শুভাৰম্ভ কৰা হয়। থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ আৰু বিশিষ্ট সমাজ সেৱিকা সুৰভি ৰাজকুঁৱৰীয়ে এই আঁচনিৰ অধীনত আৱন্টন পত্ৰ লাভ কৰা ৩১ গৰাকী হিতাধিকাৰীৰ মাজৰ ৭ গৰাকীয়ে লাভ কৰা ৰাজসাহায্য যুক্ত লঘু-বাহন ফ্লেগ-অফ কৰে।
এই সন্দৰ্ভত স্থানীয় যুৱদলত অনুষ্ঠিত এখন সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে কয় যে, অসম চৰকাৰৰ অন্যান্য কল্যাণকামী আঁচনিৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গ্ৰাম্যাঞ্চলৰ পৰিবহন ব্যৱস্থা উন্নত কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ অৰ্থে এই আঁচনিখন ৰূপায়ণ কৰিছে। তেওঁ হিতাধিকাৰী সকলক উদ্যম আৰু কৰ্ম নিষ্ঠাৰে এই আঁচনিৰ দ্বাৰা লাভান্বিত হৈ নিজৰ পৰিয়ালৰ প্ৰতিপালনৰ লগতে সমাজৰ সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ উৎসাহিত কৰে। তেওঁ অসম চৰকাৰে জনহিতৰ লক্ষ্যৰে বিভিন্ন খণ্ড যেনে পৰিবহন, স্বাস্থ্য, শিক্ষা, কৃষি আৰু সহযোগী খণ্ডসমূহত গ্ৰহণ কৰা উল্লেখনীয় পদক্ষেপ সমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ নিবনুৱা যুৱক-যুৱতী সকলক চৰকাৰে ৰূপায়ন কৰা আঁচনি সমূহৰ সুবিধা গ্ৰহণ কৰি স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰিবলৈ আহ্বান জনায়।
সভাত জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে তেওঁৰ বক্তব্যত সামগ্ৰিক উন্নয়ন সাধনৰ ক্ষেত্ৰত যাতায়ত আৰু পৰিবহনৰ উন্নয়ন প্ৰথম আৰু প্ৰাথমিক চৰ্ত বুলি অভিহিত কৰে। পৰিবহণ আৰু যাতায়তৰ উন্নয়নৰ অবিহনে আমি সামগ্ৰিক উন্নয়ন আশা কৰা সম্ভৱ নহয় বুলিও তেওঁ কয়। তেওঁ কয় যে, বিশেষকৈ গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে পৰিবহণ আৰু যাতায়তৰ উন্নয়নৰ অধিক মহত্ত্ব আছে। তেওঁ লগতে কয় যে, আৰ্থ-সামাজিক উন্নয়নৰ দিশত গ্ৰাম্য পৰিবহণ উন্নীতকৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা নিহিত থাকে। গ্ৰামোন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহন আঁচনিৰ সফল ৰূপায়নৰ দ্বাৰা নিবনুৱা সমস্যাৰ বহুপৰিমানে সমাধান সম্ভৱপৰ হৈ উঠিব।
সভাত অংশগ্ৰহণ কৰি বিশিষ্ট সমাজ সেৱিকা সুৰভি ৰাজকুঁৱৰীয়ে ৰাজ্য চৰকাৰে জনকল্যানৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু পদক্ষেপ সমূহৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই আঁচনিৰ দ্বাৰা পৰৱৰ্তী পৰ্যায়ত আৰু অধিক যুৱক-যুৱতী উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে।আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাই।
আজিৰ অনুষ্ঠানত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলি, অতিৰিক্ত উপায়ুক্ত বিদিত দাস, কবিতা কাকতি কোঁৱৰ, নাজিৰাৰ মহকুমাধিপতি লখিমী দত্ত, মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহন আঁচনিৰ নিৰ্বাচনী সমিতিৰ সদস্য বেণু শৰ্মা আৰু সমাজ সেৱক প্ৰাঞ্জল কটকী।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.