“আৰ্থ আৱাৰ” পালন কৰিবলৈ কামৰূপ জিলা প্ৰশাসনৰ জিলা বাসীলৈ আহ্বান

0 166

ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ তৰফৰ পৰা আজি অৰ্থাৎ ২৫ মাৰ্চৰ ৰাতি ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ এঘন্টাৰ বাবে অনাৱশ্যকীয় বিজুলী বাতি বন্ধ ৰাখি অপচয় হোৱা শক্তি ৰাহি কৰাৰ উপৰি এখন সুন্দৰ পৃথিৱী বৰ্তাই ৰখাৰ বাবে আৰ্থ আৱাৰ পালনৰ বাবে আহ্বান জনাইছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ এই মহৎ উদ্দেশ্য সাফল্যমণ্ডিত কৰাৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰিছে। কামৰূপ জিলা প্ৰশাসনে এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে সমূহ কামৰূপ জিলাবাসীলৈ উক্ত সময়ছোৱাত অনাৱশ্যকীয় বিজুলী বাতি বন্ধ ৰাখি সুন্দৰ পৃথিৱীৰ পৰিৱেশ অক্ষুন্ন ৰখাৰ দিশত অৰিহণা যোগাবলৈ জিলাবাসী ৰাইজক অনুৰোধ জনোৱা হল।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.