আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ ৰাণী ব্লকৰ উদ্যোগত ধাৰাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক প্ৰতিযোগীতা

0 282

ধাৰাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বিজ্ঞান ভিত্তিক এখনি প্ৰতিযোগিতা অনুষ্ঠিত হয় । ধাৰাপুৰ উচ্চতৰ মাধ্যমিক আৰু পলাশবাৰী আঞ্চলিক হাইস্কুলৰ ছাত্ৰ- ছাত্ৰী সকলে বিজ্ঞানৰ আৰ্হি, আকস্মিক বক্তৃতা আৰু পষ্টাৰ লিখাৰ প্ৰতিযোগিতাত অংশ গ্ৰহন কৰে । প্ৰতিযোগিতাৰ অন্তত ধাৰাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তৰুন চন্দ্ৰ দাসৰ সভাপতিত্বত বটাঁ বিতৰণি সভা অনুষ্ঠিত হয় । ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল শৰ্মা, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰৱক্তা ড°হেমন্ত কলিতা, পলাশবাৰী আঞ্চলিক হাইস্কুলৰ শিক্ষক দীনেশ শৰ্মা, খগেন মেধি, মৰমী শৰ্মা আদিয়ে প্ৰতিযোগীতা সন্দৰ্ভত বক্তব্য আগবঢ়ায় । বিজয়ী প্ৰতিযোগী সকলোৰ মাজত বঁটা আৰু মানপত্ৰ বিতৰন কৰে ।

Leave A Reply

Your email address will not be published.