অসমৰ প্ৰাক্তন আন্ত:ৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ মাধুৰ্য্য বৰুৱাক বৃহস্পতিবাৰে গুৱাহাটীত সম্বৰ্ধনা জনায় অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এচ’চিয়েছনে। ৰাজস্থান বেডমিণ্টন সন্থাৰ মুখ্য উপদেষ্টা তথা যোধপুৰ বেডমিণ্টনৰ ছিনিয়ৰ উপ সভাপতিৰ দায়িত্বত থকা মাধুৰ্য্য বৰুৱা অসম ক্ৰীড়া প্ৰাধিকৰণৰ সদস্য হিচাপে ৰাজ্য হিচাপে মনোনীত কৰে । প্ৰাক্তন অল ইংলেণ্ড বেডমিণ্টন, থাইলেণ্ড অপেন, মালয়েছিয়া অপেন, ইণ্ডোনেচিয়া অপেনৰ খেলুৱৈ গৰাকীয়ে গুৱাহাটীৰ মত বিনিময় অনুষ্ঠানতে ৰাষ্ট্ৰীয় ছাৱ জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰত চেম্পিয়নৰ অভিজ্ঞতা ৰোমন্থনৰ লগতে ৰাজস্থানৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। বিধায়ক ডা: নোমল মমিনে মাধুৰ্য্য বৰুৱাক ৰাজস্থানৰ উপৰি অসম বেডমিণ্টন দায়িত্ব দিবলৈ বৃহস্পতিবাৰৰ সভাৰ জৰিয়তে অসম বেডমিণ্টনৰ মুৰব্বী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায়। হোটেল গেটৱে গ্ৰেণ্ডৰ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানতটোত জ্যোষ্ঠ সাংবাদিক তথা ইলেক্ট্ৰনিক ক্ৰীড়া সাংবাদিকৰ উপদেষ্টা প্ৰণয় বৰদলৈ, অসম অলিম্পিকৰ উপ সভাপতি দ্বয় বিধায়ক ডা: নোমল মমিন, বিষ্ণুৰাম নুনিছা, সভাপতি জয়ন্ত দাস, সাধাৰণ সম্পাদক বিপুল বৰ্মন, উপ সভাপতি কিশোৰ তালুকদাৰ উপস্থিত আছিল।
Trending
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO