উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলে স্কুটিৰ বাবে অনলাইন বুকিং কৰিব লাগিব

0 220

উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী সকলক ৰাজ্য চৰকাৰে স্কুটি আগবঢ়াব। এই কথা শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংবাদমেল যোগে সদৰী কৰিছে।
 
 
 
 
ইয়াৰ পিছতে কালি ৰাজ্য চৰকাৰে বিশেষ অনলাইন পৰ্টেল sebaonline.org/choiceofscooty মুকলি কৰিছে।সেই অনুসৰি ছাত্ৰী সকলে নিজৰ পছন্দ স্কুটি  বুকিং কৰিব পাৰিব। ইয়াৰ বাবে নিৰ্দিষ্ট পৰ্টেলত ছাত্ৰী সকলে ১০ দিনৰ ভিতৰত আবেদন কৰিব পাৰিব।
 
 
 
 
 
ছাত্ৰী সকলে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ৰোল নং , পাচৱৰ্ড ব্যৱহাৰ কৰি পৰ্টেলত লগ ইন কৰিব পাৰিব, লগতে অভিভাৱক নাম ,শিক্ষানুষ্ঠান পৰীক্ষাত লাভ কৰা নম্বৰ আৰু পছন্দ স্কুটি টিক মাৰ্ক প্ৰদান কৰিব লাগিব।উল্লেখযোগ্য যে এই আবেদন প্ৰক্ৰিয়া ১০ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব আৰু ১৫ অক্টোবৰ ভিতৰত ছাত্ৰী সকলে স্কুটি লাভ কৰিব।

Leave A Reply

Your email address will not be published.