গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত উদ্যান শস্য গৱেষণা কেন্দ্রত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে শুকান ভূমিত কৃষি বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ দ্বি-বার্ষিক কর্মশালা । ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (আই চি এ আৰ)ৰ আৰ্থিক সাহায্য আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এই কর্মশালাখনত শুকান ভূমিত কৃষিৰ সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্রকল্প (এ আই চি আৰ পি ডি এ)ৰ অধীনত সমগ্ৰ দেশৰ বিভিন্ন কেন্দ্ৰই কৰা শুকান ভূমি কৃষিৰ সৈতে জড়িত গৱেষণাৰ ফলাফলৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা হৈছে । এই কর্মশালাখনে অহা দুবছৰৰ বাবে এই খণ্ডটোৰ গৱেষণাৰ কাৰ্যসূচীও নিৰ্ধাৰণ কৰিব। আনহাতে এই উপলক্ষে উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ সভাগৃহত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ ভাষণ প্ৰসংগত আই চি এ আৰৰ সঞ্চালক প্ৰধান তথা ভাৰত চৰকাৰৰ কৃষি গৱেষণা আৰু শিক্ষা বিভাগৰ সচিব ড০ এম এল জাটহাটে শুকান ভূমিৰ কৃষি গৱেষণাৰ বাবে এক শক্তিশালী, তথ্য-চালিত গৱেষণা পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ কৃষি বিজ্ঞানীসকলক আহ্বান জনায় কয় যে আমাৰ মনোযোগ মাইক্র’ লেভেল চিষ্টেম ৰিচাৰ্চৰ পৰা লেণ্ডস্কেপ ভিত্তিক গৱেষণালৈ স্থানান্তৰিত কৰাৰ প্ৰয়োজনীয়তা আছে । অনুষ্ঠানত আই চি এ আৰৰ উপ-সঞ্চালক প্রধান ডঃ এ কে নায়কে ভাষণ প্ৰসংগত গৱেষণাৰ আৱশ্যকতাসমূহৰ ক্ষেত্ৰত বহুবিষয়ক পদ্ধতি গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত ভাগ লৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ডঃ বি চি ডেকাই কয় পৰিৱৰ্তিত জলবায়ুৰ বাবে আমাৰ আকস্মিক কৃষি পৰিকল্পনাসমূহ পুনৰীক্ষণ কৰাৰ প্ৰয়োজন আছে। অনুষ্ঠানত এ আই চি আৰ পি ডি এৰ প্ৰকল্প সমন্বয়ক ডঃ জে ভি এন এছ প্রসাদে শুকান ভূমি কৃষি খণ্ডৰ অধীনত কৰা গৱেষণাৰ অৱস্থা আৰু প্ৰভাৱ সন্দর্ভত এক চমু উপস্থাপন আগবঢ়ায়। অনুষ্ঠানত দেশৰ তিনিটা শ্রেষ্ঠ এ আই চি আৰ পি ডি এ কেন্দ্ৰ অৰ্থাৎ বেংগালুৰু, পাৰভানী আৰু অসমৰ বিশ্বনাথ চাৰিআলিক বঁটা প্ৰদান কৰা হয়। আনহাতে উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ জয়ন্ত কুমাৰ শৰ্মাই সঞ্চালনা কৰা উদ্ধোধনী অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই কৰ্মশালাৰ সাংগঠনিক সম্পাদক ডাঃ পি কে শর্মাই । উল্লেখযোগ্য যে তিনিদিনীয়া কৰ্মশালাখনত শুকান ভূমি কৃষি গৱেষণাৰ অধীনত বিভিন্ন বিষয়ভিত্তিক ক্ষেত্ৰৰ ওপৰত পাঁচটা কাৰিকৰী অধিবেশন অনুষ্ঠিত হব। য’ত দেশত ২৮ খন ৰাজ্যৰ প্ৰায় এশজন কৃষি বিজ্ঞানীয়ে অংশগ্রহণ কৰিছে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ