তোৰে মোৰে আলোকৰে যাত্ৰা/অব্যর্থ অব্যর্থ/আমি পালো জীৱনৰ অৰ্থ অভিনৱ/স্বাগত স্বাগত সতীৰ্থ… গীতৰ লহৰে লহৰে আজি ৰাজীৱ ভৱনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শিল্পী দিৱস উপলক্ষে পুৱা ১১ বজাত ৰাজীৱ ভৱনত শতাধিক লোকৰ উপস্থিতিত জনতাৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰা হয়। মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই আঁত ধৰা শিল্পী দিৱসৰ অনুষ্ঠানত ৰূপকোঁৱৰৰ দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰতি থকা অৱদানৰ কথা আলোচনা কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিক নৱৰূপ প্ৰদান কৰা এইগৰাকী মহান অসমীয়াৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে কেবাজনো বক্তাই বিস্তৃতভাৱে বিশ্লেষণ কৰে। মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাসে পুষ্পাঞ্জলি অৰ্পণ কৰি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি দিয়ে। প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ ৰাজ্যিক সমন্বয়ক গোপাল শৰ্মাৰ লগতে, ৰৌছন ছেত্ৰী, হেপ্পী গগৈ, অনামিকা স্বৰ্গীয়াৰী, মৌচুমী নেওগকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মীয়ে ৰূপকোঁৱৰক শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰে।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী