শিক্ষাবিদ তথা আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ অৱসৰ শিক্ষক চক্ৰ তালুকদাৰৰ জীৱনৰ প্ৰথমখন গ্ৰন্থ আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। উপৰহালী গাঁৱৰ এগৰাকী সচেতন নাগৰিক তথা শিক্ষাব্ৰতী লোক ৰূপে পৰিচিত চক্ৰ তালুকদাৰৰ ” এখন গাঁও আৰু এচাম অভিযাত্ৰীৰ প্ৰতিচ্ছবি শীৰ্ষক গ্ৰন্থখনি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে উপৰহালী গাঁৱৰ কৃষ্টি – সংস্কৃতিৰ সাধক নৰেন চন্দ্ৰ তালুকদাৰে। এই উপলক্ষে গল্পকাৰ ফণীধৰ তালুকদাৰৰ সভাপতিত্বত দিনৰ এঘাৰ বজাত উপৰহালীস্থিত চিলাৰায় ভৱনত এখন গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় । এই গুৰু গম্ভীৰ সভাখনত উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সুচাৰুৰূপে পৰিচালনা কৰি আঁতধৰে গল্পকাৰ, কবি তথা ‘দক্ষিণ কামৰূপ প্ৰেছ ক্লাব’ৰ সম্পাদক পবিত্ৰ কুমাৰ দাসে। এই গ্ৰন্থ উন্মোচনী সভাত বন্তি প্ৰজ্বলন কৰে উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি অজিত ঠাকুৰীয়াই আৰু স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই। সুকন্ঠী গায়িকা মলয়া দাসৰ এটি জ্যোতি সংগীতৰে সভাৰ মূল কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছতে নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থকা কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড নৰেন দাস, অৱসৰপ্ৰাপ্ত শিক্ষক গজিন ঠাকুৰীয়া, লেখক চক্ৰ তালুকদাৰ, প্ৰকাশক ৰুণুমী তালুকদাৰ আৰু কামৰূপ জিলা সাংবাদিক পৰিষদৰ সাধাৰণ সম্পাদক পবিত্ৰ কুমাৰ দাসৰ উপস্থিতিত ‘এখন গাওঁ আৰু এচাম অভিযাত্ৰীৰ প্ৰতিচ্ছবি’ গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে কৃষ্টি – সংস্কৃতিৰ সাধক নৰেন তালুকদাৰে। গ্ৰন্থ উন্মোচক তালুকদাৰে ভাষণ প্ৰসংগত লেখক চক্ৰ তালুকদাৰ এগৰাকী সচেতন পাঠক আৰু নিৰীক্ষক বুলি কয়। সমাজৰ প্ৰতি অপৰিসীম প্ৰেম আৰু অগ্ৰজ সকলৰ বাবে সদায় শ্ৰদ্ধা কঢ়িয়াই লৈ ফুৰা চক্ৰ তালুকদাৰৰ এই গ্ৰন্থখন তাৰেই ফচল বুলি উল্লেখ কৰে। সভাত নিৰ্দিষ্ট বক্তা তথা অতিথি সকলে লেখক চক্ৰ তালুকদাৰৰ এনে চিন্তা আৰু কৰ্ম সমাজৰ বাবে আদৰ্শস্বৰূপ বুলি মত পোষণ কৰে। সভাৰ মাজতে কন্ঠ শিল্পী মলয়া দাস, মন্টু আলীয়ে পৰিৱেশন কৰা আধুনিক গীতে অনুষ্ঠানটি জীপাল কৰি তোলে। শেষত লেখকৰ ভাষণ আৰু শলাগৰ শৰাই আগবঢ়াই চক্ৰ তালুকদাৰে উপৰহালী গাঁৱৰ সমাজ সংস্কাৰক, খনিকৰ তথা ত্যাগ আৰু আদৰ্শ প্ৰতীক হিচাপে চিহ্নিত – মহাজীৱনৰ সাধক বাঞ্চিৰাম বৈষ্ণৱ, পলাশবাৰী সমষ্টিৰ একমাত্ৰ মহিলা মুক্তি যোদ্ধা সফুৰী দাস, নতুন দিনৰ ৰূপকাৰ বংশীধৰ তালুকদাৰ, খ্যাতনামা অভিনেতা ৰজত ঠাকুৰীয়া, মুক্তি যুঁজাৰু কামাখ্যা প্ৰসাদ দাস, ৰাজনৈতিক নেতা ফণীন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া, সমাজ জীৱনৰ ক্লান্তিহীন যাত্ৰাৰ পথিক সৰ্বেশ্বৰ মজুমদাৰ, প্ৰাক্তন মন্ত্ৰী হৰেন্দ্ৰ নাথ তালুকদাৰ, প্ৰকাশক দুলাল মজুমদাৰ, লোক সংস্কৃতিৰ সংৰক্ষক অমৃত চন্দ্ৰ ঠাকুৰীয়া, স্বপ্নদ্ৰষ্টা কবি নৰেন তালুকদাৰ এই এঘাৰ গৰাকী ব্যক্তিৰ জীৱন আদৰ্শৰ পৰ্যালোচনা কৰি গ্ৰন্থৰ আকাৰ দিয়া বুলি উল্লেখ কৰে। এই গ্ৰন্থখনৰ চিন্তা আৰু প্ৰকাশৰ লগতে বিভিন্ন দিহা পৰামৰ্শ প্ৰদান কৰা সকলোৰ লগতে সভাত উপস্থিত থকা আটাইকে বিশেষ ভাৱে শলাগ লয়। আজিৰ এই অনুষ্ঠানত লেখকৰ পত্নী তথা প্ৰকাশক ৰুণুমী তালুকদাৰ, পুত্ৰ ডা: অবিনাশ তালুকদাৰ, বোৱাৰী ধৰিত্ৰী তালুকদাৰ, ভাগিনী ডা: অংগনা দাস আদিয়ে বিশেষ ভাৱে সহযোগ কৰে।
Trending
- Assam Centre review key infrastructure projects to accelerate state’s growth: CM
- CSR Head Reviews Women-Led Sarthebari Metal Craft Project
- Assam CM meets Jaishankar, discusses Act East Policy and regional trade opportunities
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam