গোলাঘাটত শাৰদী মেলা উদ্বোধন আৰু মীন পালকলৈ বাহন প্ৰদানৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অজন্তা নেওগৰ

0 180

বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটৰ জোনাকী নগৰত থকা জোনাকী সংঘৰ খেলপথাৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শাৰদী মেলা উদ্বোধন কৰে । এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে বেংকৰ সৈতে মহিলাসকলৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । মহিলাই সমাজ শক্তিশালী কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলা সবলীকৰণৰ বাবে চৰকাৰে অৰুণোদয়ৰ দৰে আঁচনি গ্ৰহণ কৰিছে । তেওঁ কয় যে প্ৰতিটো ক্ষেত্ৰতে চৰকাৰে মহিলাক অগ্ৰাধিকাৰ দিছে । মন্ত্ৰীগৰাকীয়ে পানী মেটেকা উদ্যোগৰ প্ৰসাৰ আৰু এই ক্ষেত্ৰত মহিলাসকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে ঋণ ল’বলৈ ভয় খাব নালাগে, কেৱল সময়মতে পৰিশোধ কৰিব লাগে । মহিলাসকলৰ সহযোগ অবিহনে আমি অসমক দেশৰ শীৰ্ষৰ পাঁচখন ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ় দিব নোৱাৰিম বুলি উল্লেখ কৰি তেওঁ অসমৰ জনমূৰি আয় বৃদ্ধি কৰাৰ দিশত কাম কৰিব লাগিব বুলি মত প্ৰকাশ কৰে । অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসেও ভাষণ দিয়ে । অনুষ্ঠানত জিলা পৰিষদৰ সভানেত্ৰী হেলিনা পেগু দলে, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, পদুমণি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অঞ্জুমণি সন্দিকৈ বৰা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প বিষয়া মাধুৰ্য প্ৰসাদ বৰা, খণ্ড উন্নয়ন বিষয়াসকল আৰু বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকল উপস্থিত আছিল । উল্লেখযোগ্য যে এই মেলাত জিলাখনৰ ৮টা উন্নয়ন খণ্ডৰ বিভিন্ন আত্মসহায়ক গোটৰ ৩০ খন বিপনী খোলা হৈছে ।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে আজি মীন বিভাগৰ জৰিয়তে দুজন মীন পালকলৈ দুখন ১৫ লাখ টকীয়া বাহন আনুষ্ঠানিকভাবে আগবঢ়ায় । জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত আৰ আই ডি এফ আঁচনিৰ অধীনত শীতলীকৃত মাছ পৰিবহন বাহন দুখন আগবঢ়োৱা হয় । মীন পালনৰ জৰিয়তে এই দুয়োজন যুৱকে বছৰি ৫ লাখৰ পৰা ১০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে । তেওঁ যুৱক – যুৱতীসকলক মীন পালনৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ আহ্বান জনায় । অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰী, জিলা মীন উন্নয়ন বিষয়া সীমান্ত কোঁৱৰ আৰু ভালেসংখ্যক লোক উপস্থিত আছিল ।

Leave A Reply

Your email address will not be published.