খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বৰপেটাতো খোলা হ’ব কন্যকাৰ দৰে কৃষি পাম -বিধায়ক পদ্ম হাজৰিকা

0 186

চতিয়া সমষ্টিৰ জামুগুৰিহাটত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা ‘কন্যকা ‘কৃষি পামৰ জৰিয়তে সমাজৰ নহয় আচলতে বিধায়ক পদ্ম হাজৰিকাৰ ব্যক্তিগত পুজি শক্তিশালী হোৱা বুলি কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে মন্তব্য কৰাৰ পাছত কংগ্ৰেছী বিধায়ক গৰাকীৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে বিধায়ক পদ্ম হাজৰিকা ।খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ অবৈধ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা মাটিত ‘কন্যকা ‘ গঢ়ি তুলি জাতি, মাটি , ভেটি সুৰক্ষিত কৰা বুলি মন্তব্য কৰি চতিয়াৰ বিধায়ক গৰাকীয়ে প্ৰয়োজন হলে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ হলে বৰপেটাতো ‘কন্যকা ‘ দৰে কৃষি পাম গঢ়ি তোলা হ’ব বুলি মন্তব্য কৰে । কন্যকাৰ আৰ্হিত গৰুখুটি প্ৰকল্প নিৰ্মাণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁক দায়িত্ব দিয়াৰ পাছতেই এচাম লোকৰ তেওঁ টাৰ্গেট হৈ পৰা উল্লেখ কৰি এইচাম লোকে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে পদ্ম হাজৰিকাই চলোৱা কৰ্মমুখী যাত্ৰাত বাধা প্ৰদান কৰিবলৈ উঠিপৰি লগা বুলি উল্লেখ কৰে ।কন্যকাৰ বাবে আবন্টন হোৱা ধনৰ কোনো লুকঢাক হোৱা নাই বুলি উল্লেখ কৰে বিধায়ক হাজৰিকাই।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.